ETV Bharat / state

Air Force exercise: লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত ১৪৪ ধাৰা জাৰি - লখিমপুৰৰ দুলুং বনাঞ্চল

ভাৰতীয় বায়ু সেনাৰ বোমা বৰ্ষণ, গুলীচালনাত কঁপি উঠিব লখিমপুৰৰ দুলুং বনাঞ্চল । ভাৰতীয় বায়ু সেনাই সামৰিক অনুশীলন চলাব বনাঞ্চলখনত । যাৰবাবে লখিমপুৰ জিলাৰ দণ্ডাধীশে দুলুং সংৰক্ষিত বনাঞ্চলত ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ।

Air Force exercise
লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত ১৪৪ ধাৰা জাৰি
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:44 AM IST

লখিমপুৰ, ৪ অক্টোবৰ: লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে । লখিমপুৰ জিলাৰ দণ্ডাধীশে দুলুং সংৰক্ষিত বনাঞ্চলত ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । ভাৰতীয় বায়ু সেনাই সংৰক্ষিত বনাঞ্চলখনত মাহজুৰি সামৰিক অনুশীলন চলাব ৷ বায়ুসেনাৰ অনুশীলনৰ বাবেই লখিমপুৰ জিলাৰ দণ্ডাধীশে দুলুং সংৰক্ষিত বনাঞ্চলত ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ।

Air Force exercise
লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত ১৪৪ ধাৰা জাৰি

উল্লেখ্য যে, দুলুং সংৰক্ষিত বনাঞ্চলখনৰ অভ্যন্তৰত আছে এক ফায়াৰিং ৰেঞ্জ । এই ফায়াৰিং ৰেঞ্জত ভাৰতীয় বায়ু সেনাই প্ৰায়েই সামৰিক অনুশীলন চলাই আহিছে । বায়ু সেনাই উক্ত ফায়াৰিং ৰেঞ্জত বোমাবৰ্ষণ, ৰকেট নিক্ষেপ, বিমানৰ পৰা গুলিচালনা আদিৰ অনুশীলন কৰি আহিছে । সম্প্রতি চলিত অক্টোবৰ মাহটোত মাহজুৰি বায়ু সেনাই সামৰিক অনুশীলন কৰিবলৈ লৈছে । বায়ু সেনাৰ ১১ নং উইঙে চলাব এই অনুশীলন । সেয়ে লখিমপুৰ জিলাৰ দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰা জাৰি কৰি ১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ লৈ বনাঞ্চলখনৰ ফায়াৰিং ৰেঞ্জৰ এলেকাত যান-বাহন, জীৱ-জন্তুৰ পৰা মানুহৰ প্ৰবেশ নিষিদ্ধ ঘোষণা কৰিছে ।

ভাৰতীয় বায়ুসেনাৰ সামৰিক অনুশীলনকালত যাতে কোনো প্ৰাণহানি তথা সা-সম্পদ হানি নহয়, তাৰপ্ৰতি লক্ষ্য ৰাখি লখিমপুৰ জিলা দণ্ডাধীশে বনাঞ্চলখনত এই নিষেধাজ্ঞা আৰোপ কৰিছে । উল্লেখ্য যে, ভাৰতীয় বায়ুসেনাই বনাঞ্চলখনত বহু বছৰৰ পৰাই এনেদৰে বছৰৰ এক নিৰ্দিষ্ট সময় লৈ সামৰিক অনুশীলন চলাই আহিছে । ছেপ্টেম্বৰ মাহতো ভাৰতীয় বায়ুসেনাই উক্ত বনাঞ্চলখনত মাহজুৰি বোমাবৰ্ষণ, ৰকেট নিক্ষেপ, বিমানৰ পৰা গুলিচালনা আদিৰ অনুশীলন চলাইছিল ।

লগতে পঢ়ক: Air Force exercise: দুলুং সংৰক্ষিত বনাঞ্চল কঁপি উঠিব বোমা বৰ্ষণ, গুলীচালনাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.