ETV Bharat / state

Agriculture revolution: এগৰাকী অৱসৰী শিক্ষকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ - অৱসৰী শিক্ষক শিক্ষকে দেখুৱাইছে কৃষি বিপ্লৱ

ওৰেটো জীৱন বিদ্যায়তনিক অনুষ্ঠানৰ চাৰিবেৰৰ মাজত মানৱ সম্পদ গঢ় দিয়াৰ পাচত জীৱনৰ অপৰাহ্নত কৃষি ক্ষেত্রত দপদপাই আছে লখিমপুৰৰ এগৰাকী অৱসৰী শিক্ষকে । আনৰ বাবে, নৱ প্ৰজন্মৰ বাবে আদৰ্শ স্থাপন কৰি শৈক্ষিক ক্ষেত্রৰ পাছত কৃষি ক্ষেত্রত আদৰ্শ দেখুৱাইছে অৱসৰী শিক্ষকজনে(Agriculture revolution of retired teachers in Lakhimpur) ।

Agriculture revolution of retired teachers in Lakhimpur
অৱসৰী শিক্ষক শিক্ষকে দেখুৱাইছে কৃষি বিপ্লৱ
author img

By

Published : Apr 28, 2023, 11:22 AM IST

অৱসৰী শিক্ষক শিক্ষকে দেখুৱাইছে কৃষি বিপ্লৱ

লখিমপুৰ,২৮ এপ্রিল: শৈক্ষিক ক্ষেত্রৰ পাচত কৃষি ক্ষেত্র । লখিমপুৰত কৃষি ক্ষেত্রত অৱসৰী শিক্ষকৰ আদৰ্শনীয় পদক্ষেপ । লখিমপুৰৰ এগৰাকী অৱসৰী শিক্ষক । জীৱনৰ সৰহভাগ সময় তেওঁ সুখ্যাতিৰে পাঠশালাত গঢ় দিলে মানৱ সম্পদ । শিক্ষকতাৰ পৱিত্র বৃত্তিৰে তেওঁ অলেখ মানৱ সম্পদ গঢ়ি অৱসৰ গ্রহণ কৰিলে । পিছে অৱসৰৰ পাচত আন দহজনৰ দৰে আলস্য জীৱন কটোৱাৰ পক্ষপাতি নহ'ল শিক্ষকগৰাকী ।

জীৱনৰ অপৰাহ্নত তেওঁ কৰ্মঠ হৈ কাম কৰি যোৱাৰ মন বান্ধিলে । কাম কৰি নৱ প্ৰজন্মকো অনুপ্রাণিত কৰাৰ লক্ষ্য বান্ধি ল'লে অৱসৰী শিক্ষকগৰাকীয়ে । তাৰ বাবে তেওঁ বাচি ললে কৃষি ক্ষেত্র । বছৰত এটা খেতি কৰি ন মাহ আবাদী কৰি কৃষি ক্ষেত্র পেলাই ৰখা ব্যবস্থাটো তেওঁ সলনি কৰি আদৰ্শ স্থাপনৰ প্ৰয়াস কৰে । নৱ প্ৰজন্মকো কৃষি ক্ষেত্রৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে অৱসৰী শিক্ষকজনে ২০ বিঘা মাটিত গোমধানৰ খেতি কৰিলে (Agriculture revolution of retired teachers in Lakhimpur) ।

পথাৰ শুৱনি কৰি ফলেৰে ভৰি পৰা তেওঁৰ এই কৃষিক্ষেত্র এতিয়া সকলোৱে এবাৰ হলেও থমকি চাই যাবলৈ বাধ্য হয় । গোমধানৰ খেতিৰে আত্মনিৰ্ভশীলতাৰ নিদৰ্শন দাঙি ধৰা এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হ’ল মুখেশ্বৰ চুতীয়া । নিজে লাভাম্বিত হোৱাৰ লগতে বহু নিবনুৱাক আত্মনিৰ্ভশীলতাৰ নিদৰ্শন দেখুওৱা লখিমপুৰৰ ঘূণাসুঁতিৰ অৱসপ্ৰাপ্ত শিক্ষক মুখেশ্বৰ চুতীয়াই জীৱনৰ বিয়লি বেলাত দপদপাই আছে কৃষি ক্ষেত্রত (Agriculture revolution in Lakhimpur) ।

যোৱা বছৰ ১৮ বিঘা মাটিৰে গোমধানৰ খেতি আৰম্ভ কৰি এই বছৰ ২০ বিঘা মাটিত কৰিছে খেতি । ঘূণাসুঁতি বৰচাপৰি মাহৰা গাঁৱৰ মুখেশ্বৰ চুতীয়াই ২০ বিঘা ভূমিত কৰা গোমধানৰ খেতিয়ে এতিয়া পথাৰ শুৱনি কৰি হালিছে-জালিছে । গোমধানৰ খেতিৰ পৰা বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বহু নিবনুৱাৰ বাবে মুখেশ্বৰ চুতীয়া নিদৰ্শন হৈ পৰিছে (Retired teacher Mukheshwar Chutiya Agriculture Work) ।

উল্লেখ্য ৪ বছৰ পূৰ্বৰ পৰা গোমধানৰ খেতি কৰিবলৈ লোৱা অৱসৰী শিক্ষকগৰাকী এতিয়া ঢকুৱাখনা, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, ইটানগৰ, বিশ্বনাথ চাৰিআলি, গুৱাহাটী বজাৰবোৰত গোমধান যোগান ধৰিবলৈ সক্ষম হৈছে । চাকৰীৰ জীৱন সমাপ্ত হোৱাৰ পাচত কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ নিজৰ অভিজ্ঞতাৰে কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱা মুখেশ্বৰ চুতীয়া এতিয়া বহু নিবনুৱা যুৱক-যুৱতীৰ হৈ পৰিছে আদর্শ ।

কৃষি কৰ্মত কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰীৰ পৰামৰ্শ কিম্বা সহযোগিতা লাভ নকৰা কথাও প্ৰকাশ কৰিছে । বাৰম্বাৰ পৰামৰ্শৰ বাবে সহায় বিচাৰিও কৃষি বিভাগৰ লোকে এদিনো চাবলৈ নাহিল বুলিও খেদ প্ৰকাশ কৰে চুতীয়াই । বিভাগৰ অবহেলাৰ বলি হ'লেও থমকি ৰোৱা নাই মুখেশ্বৰ চুতীয়া । বতাহত হালি জালি সুহুৰিয়াই থকা তেওঁৰ গোমধানৰ খেতিৰ সেউজবুলীয়া পৰিবেশত আপোন বিভোৰ হৈ পৰিছে তেওঁ । শৈক্ষিক ক্ষেত্রৰ পাচত জীৱনৰ অপৰাহ্নত কৃষি ক্ষেত্রৰ সেউজবুলীয়া পৰিবেশত নিজৰ বাবে, দহৰ আদৰ্শৰ বাবে আত্মনিয়োগ কৰিছে এইগৰাকী আদৰ্শবান অৱসৰী শিক্ষক মুখেশ্বৰ চুতীয়াই ।

লগতে পঢ়ক: Patharquerry Bohagi Utsav: পাথৰ কুৱেৰীৰ ব’হাগী উৎসৱৰ সংস্কৃতিক শোভাযাত্ৰাত মূৰ্তমান জাতি-জনগোষ্ঠীৰ লোক নৃত্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.