ETV Bharat / state

আছুৱে আবদ্ধ কৰিলে নদীবান্ধ নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা বাহন

author img

By

Published : Sep 9, 2020, 4:53 PM IST

নামনি সোৱণশিৰি জলবিদ্যু প্ৰকল্পলৈ নদীবান্ধ নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা তিনিখনকৈ বাহন জব্দ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ আছুৰ দলটোৱে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মঙলবাৰৰ পৰা বাহন তিনিখন আৱদ্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

AASU Seized vehicle carrying NHPC materials lakhimpur assam etv bharat news
আছুৱে আবদ্ধ কৰিলে নদীবান্ধ নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা বাহন

বিহপুৰীয়া,9 ছেপ্তেম্বৰ: বিগত কিছুদিনৰ পৰা ৰাজ্যত নদীবান্ধৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ অব্যাহত আছে প্ৰতিবাদ ৷ ৰাজ্যত বিভিন্ন সময়ত বহু স্থানীয় দল-সংগঠনে নামনি সোৱণশিৰি জলবিদ্যু প্ৰকল্পলৈ নিৰ্মাণ সামগ্ৰী সৰবৰাহ কৰা বাহন আৱদ্ধ কৰিও সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ বিগত কিছুদিন পূৰ্বে নগাঁও উৰিয়াগাঁও বাইপাছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰকল্পলৈ সামগ্ৰী কঢ়িয়াই নিয়া বাহন জব্দ কৰি সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ ৷ ইয়াৰ পিছতে পুনৰ ৰাইজৰ চকুত ধূলি মাৰি জলবিদ্যুৎ প্ৰকল্পটোলৈ সামগ্ৰী কঢ়িওৱা তিনিখনকৈ বাহন জব্দ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে ৷ আছুৰ দলটোৱে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মঙলবাৰৰ পৰা বাহন তিনিখন আৱদ্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ তদুপৰি কোনো কাৰণতে বৃহৎ নদীবান্ধ প্ৰকল্প সম্পূৰ্ণ কৰি লখিমপুৰ জিলালৈ বিভীষিকা নমাই আনিবলৈ দিব নোৱাৰি বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে ৷

উল্লেখ্য যে,কৰ’ণা ভাইৰাছ আৰু লক ডাউনৰ মাজতে চৰকাৰৰ পোষকতাত এনএইচপিচিলৈ নদীবান্ধ নিৰ্মাণৰ বাবে বহুবাৰ সামগ্ৰী কঢ়িয়াই নিয়া হৈছে ৷ এই সামগ্ৰী কঢ়িয়াবলৈ বাহনসমূহক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰে আৰক্ষী তথা প্ৰশাসনে ৷

লগতে চাওকঃ গোলাঘাটত শুৰ পোকৰ উপদ্ৰৱঃ বিপদত কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.