নাওবৈচা ,১ অক্টোবৰ : সমগ্ৰ ৰাজ্যতে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত চলিছে ব্যাপক কেলেংকাৰী ৷ সমান্তৰালভাৱে লখিমপুৰ জিলাটো ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে ভয়ানক কেলেংকাৰীৰ ৷ লখিমপুৰত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৰ্তমানলৈ ২ কোটি ৫০ লাখ টকাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ৷
এই সন্দৰ্ভত লখিমপুৰ জিলা আমছুৱে বিগত কিছুদিনৰ পৰা সংখ্যালঘু বসতিপ্ৰধান বিভিন্ন বিদ্যালয়,মাদ্ৰাছা পৰিভ্ৰমণ কৰি জিলাখনত সংঘটিত হোৱা আঢ়ৈ কোটি টকাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিবলৈ সক্ষম হয়। বুধবাৰে লখিমপুৰ জিলা আমছুৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদ মেলত জিলাখনত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ২০১৯-২০ বৰ্ষত সংঘটিত ব্যাপক দুৰ্নীতিৰ তথ্য সদৰী কৰে।
উল্লেখ্য যে,লখিমপুৰ জিলা আমছুৰ সভাপতি আমিনুৰ ৰহমানে এই সংবাদ মেলত জিলাখনৰ সংখ্যালঘু বসতি প্ৰধান প্রায় ৩০ খনৰো অধিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে হাই মাদ্ৰাছাৰ ৩৫০০ শ ছাত্ৰ-ছাত্ৰীৰ নামত সংঘটিত হোৱা এই ভয়ানক দুৰ্নীতিৰ লগত একাংশ বিদ্যালয়ৰ প্ৰধান আৰু পৰিচালনা সমিতিৰ সভাপতিৰ লগতে বেংকৰ চি এছ পি এজেন্ট ওতঃপ্ৰোত ভাৱে জড়িত আছে বুলি জানিবলৈ দিয়ে। আনহাতে একাংশ বৃত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ নাম তালিকাত ৰহস্যজনকভাৱে পোহৰলৈ আহিছে ষাঠি বছৰীয়া লোকৰ নাম ।
ইফালে যি সকলে উক্ত দুৰ্নীতিৰ লগত জড়িত হৈ থকা লোকক উপযুক্ত তদন্তৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আমছুৱে দাবী জনোৱাৰ লগতে এই দাবী মানি নল’লে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
লগতে পঢ়ক : অসম আৰক্ষী দিৱসত আত্মৰক্ষাৰ কলা প্ৰদৰ্শন ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ