ETV Bharat / state

DAC election 2022 : লখিমপুৰত জাৰি কৰা হ’ল ১৪৪ ধাৰা - DAC election 2022

অহা ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (Deori Autonomous Council election)। এই নিৰ্বাচনৰ বাবে ইতিমধ্যে জাৰি কৰা হৈছে অধিসূচনা । ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথসহ ৮ খন জিলাক সামৰি থকা পৰিষদৰ ২২ টা সমষ্টিত ভোটগ্ৰহণ হ’ব ।

144 imposed in Lakhimpur for DAC election
DAC election: লখিমপুৰত জাৰি ১৪৪ ধাৰা
author img

By

Published : Oct 15, 2022, 12:25 PM IST

লখিমপুৰ, ১৫ অক্টোবৰ: দেউৰী পৰিষদৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সষ্টম হৈ পৰিছে সংশ্লিষ্ট জিলাসমূহৰ প্ৰশাসন(Deori Autonomous Council election)। লখিমপুৰ জিলাত থকা পৰিষদৰখনৰ সাতটা সমষ্টিত হ’ব ভোটগ্ৰহণ । প্ৰশাসনে ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি ক্ষীপ্ৰ কৰি তুলিছে । নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপন কৰিবলৈ জিলাখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে(144 imposed in Lakhimpur) । লখিমপুৰত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে আগ্নেয়াস্ত্ৰ জমা দিয়াৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

সমাগত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা দণ্ডাধীশে ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে(DAC election related restrictions) । জিলা দণ্ডাধীশৰ নিৰ্দেশ মতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ১৫ নং বৰ দেউৰী সমষ্টিৰ শান্তি নগৰ, বৰুৱা চুবা, মাজৰ চুবা, দক্ষিণ চুবা, শদিয়াল চুবা, কুলি চুবা আৰু উদ্দেশ্যপুৰ গাওঁ এলেকা ১৪৪ ধাৰাৰ অধীনত থাকিব । তেনেদৰে ১৬ নং বাহগড়া সমষ্টিৰ অন্তৰ্গত এক নং বাহগড়া, দুই নং বাহগড়া, দুই আৰু তিনি বাহগড়া গাওঁ ১৪৪ ধাৰাৰ অধীনত থাকিব ।

144 imposed in Lakhimpur for DAC election
DAC election: লখিমপুৰত জাৰি ১৪৪ ধাৰা

১৭ নং কাচিকতা সমষ্টিৰ ১৪৪ ধাৰাই সামৰি লোৱা ঠাইসমূহ হৈছে দুই নং কাচিকতা, কাচিকতা বাগান গ্ৰান্ট, ৮৫ (ক) কাচিকতা, এক নং মটিয়া, এক নং সাৰজান, দুই নং সাৰজান, দুই নং বৰবিল, দুই নং ডিক্ৰং চাপৰি, বান্দৰদেৱা, ৰাজগড়, জয়পুৰ পিচলা প্ৰথম অংশ গাঁও। ১৮ নং পিচলা সমষ্টিত ১৪৪ ধাৰা জাৰি কৰা ঠাইসমূহ হৈছে দোৰপাং দেউৰী, শংকৰপুৰ দেউৰী, জয়পুৰ পিচলা অংশ, দেওতোলা, সোণাপুৰ, লংকাপুৰ, কেৰেকজুলি অংশ, দুসুতিমূখ অংশ, ঠাকুৰদলনী, পিচলা দেউৰী গাঁও।

১৯ নং কিনাপথাৰ সমষ্টি ৰ ঠাইসমূহ হৈছে মাজৰচাপৰি এক আৰু দুই নং কিনাপথাৰ, বৰচাপৰি আৰু কুণ্ডিলনগৰ গাঁও । ২০ নং বঙালমৰা সমষ্টিৰ ১৪৪ ধাৰাই সামৰি লোৱা ঠাইসমূহ হৈছে কেৰিপুখুৰী, বঙালমৰা ঠেঙাল, বঙালমৰা মিৰি, শলমৰা, আধাখনা, আধাখনা লিখক চাপৰি আৰু সান্দহখোৱা গাঁও । ২১ নং গাভৰু টুনিজান সমষ্টিৰ অন্তৰ্গত ১৪৪ ধাৰাই সামৰি লোৱা ঠাইসমূহ হৈছে ৰামপুৰ, পদ্মপুৰ দেউৰী, কৃষ্ণ পুৰ দেউৰী, হাৰমতী দেউৰী অংশ, ৰঙাজান দেউৰী, নকাৰী দেউৰী অংশ, বধাকৰা, কাচিকতা দেউৰী অংশ ।

নিৰ্দেশনাটোত জিলাখনৰ অনুজ্ঞাপত্ৰধাৰী আগ্নেয়াস্ত্রৰ গৰাকীসকলক তেওঁলোকৰ আগ্নেয়াস্ত্রসমূহ সাত দিনৰ ভিতৰত নিকটৱৰ্তী আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে । শনিবাৰে জাৰি কৰা ১৪৪ ধাৰা নিৰ্বাচনৰ ফলাফল ঘোষণা নকৰা পৰ্যন্ত বাহাল থাকিব বুলি উল্লেখ কৰা হৈছে(Section 144 imposed until the election results announce) ।

লগতে পঢ়ক: Transport department guidelines : চিটীবাছত থাকিব লাগিব ই-টিকটৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.