ETV Bharat / state

বিনা বেতনে অৱসৰ ল’লে মহাবিদ্যালয়ৰ অধ্যক্ষই - প্ৰাদেশিকীকৰণ

কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ পৰেশ চন্দ্ৰ ৰায়ে সোমবাৰে বিনা বেতনে অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ নিস্বাৰ্থ ত্যাগ আৰু মহানতাৰ বাবে পৰিচিত ড৹ পৰেশ চন্দ্ৰ ৰায়ৰ বিদায়ৰ মুহুৰ্তত কান্দোনত ভাগি পৰে মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীসকল ৷

author img

By

Published : Jun 1, 2021, 12:51 PM IST

কোকৰাঝাৰ,1 জুন: কোকৰাঝাৰ জিলাৰ শক্তিআশ্ৰম স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ পৰেশ চন্দ্ৰ ৰায়ে সোমবাৰে বিনাবেতনে অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে । উল্লেখ্য যে, 19 বছৰ পূৰ্বেই অৰ্থাৎ 2002 চনতে শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষকৰ চাকৰি এৰি স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ড৹ পৰেশ চন্দ্ৰ ৰায়ে ৷

বিনা বেতনে মহাবিদ্যালয়ৰ অৱসৰ ল’লে অধ্যক্ষই

শক্তিআশ্ৰম অঞ্চলত উচ্চ শিক্ষানুষ্ঠান গঢ় দিয়াৰ স্বাৰ্থতে বিষয় শিক্ষকৰ পদ এৰি অধ্যক্ষৰ দায়িত্ব লোৱা ড৹ পৰেশ চন্দ্ৰ ৰায়ৰ দিনতে স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণ (Provincialization) হ'ল যদিও নতুন শিক্ষানীতিৰ নিয়মাৱলীৰ বাবে অধ্যক্ষ হিচাপে ড৹ পৰেশ চন্দ্ৰ ৰায়ৰ পদ প্ৰাদেশীকৰণ (Provincialization) নোহোৱাত অতি দূৰ্ভাগ্যজনক ভাৱে তেওঁ বিনাবেতনে অৱসৰ ল’বলগীয়া হয় । কাৰিকৰী অসুবিধাজনিত কাৰণৰ বাবেই বিনা বেতনে অৱসৰ লোৱা ড৹ পৰেশ চন্দ্ৰ ৰায়ক সোমবাৰে তেওঁক আনুষ্ঠানিক ভাবে বিদায় জনোৱা হয় ৷

নিস্বাৰ্থ ত্যাগ আৰু মহানতাৰ বাবে পৰিচিত পৰেশ চন্দ্ৰ ৰায়ক বিদায় জনোৱাৰ মুহুৰ্ত স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰী কান্দোনত ভাগি পৰে । ইপিনে স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ সদ্য প্ৰাক্তন অধ্যক্ষ ড৹ পৰেশ চন্দ্ৰ ৰায়ে বিনা বেতনে অৱসৰ গ্ৰহণ কৰাৰ পিছতো কাৰো প্ৰতি বিদ্বেষ নাই বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: ডিফুত গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত সাহাৰ্য বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.