কোকৰাঝাৰ, 24 আগষ্ট : কোকৰাঝাৰত এক ব্যতিক্ৰমী প্ৰতিবাদ ৷ পাচলি বজাৰৰ বাবে প্ৰশাসনে নিৰ্ধাৰিত স্থানত বিক্ৰী আৰু বজাৰক নামানে কোকৰাঝাৰৰ পাচলি বিক্রেতাই ৷ যাৰ বাবে কোকৰাঝাৰ মুখ্য বজাৰক বন্ধ ৰাখি প্ৰতিবাদত নামিছে পাচলি বিক্রেতাসকলে ৷
নিৰ্ধাৰিত কোকৰাঝাৰ সাপ্তাহিক বজাৰ তথা মাৰ্কেট কমপ্লেক্সৰ পৰিৱৰ্তে মুকলি স্থানত নিৰ্ধাৰণ কৰাৰ দাবী কৰে বিক্ৰেতাসকলে ৷ যোৱা জুন মাহত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিলাসী আঁচনি মাৰ্কেট কমপ্লেক্স উদ্বোধন কৰিছিল ৷ কিন্তু আজি দুই মাহ সম্পূৰ্ণ নহওতেই বিভিন্ন অযথা দেখুৱাই এনেকৈ প্ৰতিবাদত নামি পৰিছে কোকৰাঝাৰৰ পাচলি বিক্রেতাসকলে ৷
কৰ'ণাৰ ভয়াৱহ সময়ত মুখত মাস্ক পৰিধান কৰিছে যদিও সামাজিক দূৰত্ব বজাই নাৰাখি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
লগতে পঢ়কঃ শিৱসাগৰৰ ৰাধিকা এতিয়া বহুজনৰ বাবেই আদৰ্শ