ETV Bharat / state

এটা দুৰ্ভাগ্যজনক 'হিউম্যান ট্ৰেজেডি' হবলৈ গৈ আছেঃ উৰ্খাও গৌৰা ব্ৰহ্ম

author img

By

Published : May 13, 2019, 3:46 PM IST

এন আৰ চিত ভুৱা আপত্তি দৰ্শোৱাত ইউ পি পি এলৰ দুখ প্ৰকাশ ! আমছু, এবিএমছু, বেঙলী ফেডেৰেছন, এবছুয়ে একেলগে মিলি সমস্যা সমাধানৰ কাম কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য প্ৰকাশ কৰে ইউ পি পি এল ৰাজনৈতিক দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই ৷

এনআৰচিত ভুৱা আপত্তি দৰ্শোৱাত ইউপিপিএলৰ দুখ প্ৰকাশ !

কোকৰাঝাৰ, 13 মে ': "আমছু, এ বি এমছু, বেংগলী ফেডাৰেশ্যন,এবছুয়ে একেলগে মিলি সমস্যা সমাধানৰ কাম কৰাৰ প্ৰয়োজন আছে"! বৰ্তমান এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত আহি পোৱাৰ সময়তে একাংশ দুষ্ট চক্ৰই প্ৰকৃত নাগৰিকৰ ওপৰত ভুৱা আপত্তি দৰ্শোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত সোমবাৰে ইউ পি পি এল ৰাজনৈতিক দলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে ৷

এনআৰচিত ভুৱা আপত্তি দৰ্শোৱাত ইউপিপিএলৰ দুখ প্ৰকাশ !

এন আৰ চি সম্পৰ্কে অসমত যি ভুৱা আপত্তিৰ মাধ্যমেৰে নিৰীহ মানুহক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে, ইয়াক কেন্দ্ৰ কৰি ইউ পি পি এল দলৰ পৰা উৰ্খাও গৌৰা ব্ৰহ্মই গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে শুদ্ধ এন আৰ চি বিচৰাৰ কথা প্ৰকাশ কৰে ৷ ইয়াৰোপৰিও প্ৰাক্তন সাংসদ গৰাকীয়ে এন আৰ চি প্ৰক্ৰিয়া অনতি পলমে সমাপ্ত হোৱাৰ দাবী জনাই ৷ লগতে তেওঁ কয় যে অসমত এটা দুৰ্ভাগ্যজনক 'হিউম্যান ট্ৰেজেডি' হ'বলৈ গৈ আছে , আৰু সেইটো লৈ অসমৰ কিছুমান সংগঠনে ৰাজনীতি কৰিব বিচাৰিছে ৷ তদুপৰি কিছুমান শক্তিয়ে এই ঘটনাক সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা কৰি আছে বুলিও উল্লেখ কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে ৷ আনহাতে এই সমগ্ৰ বিষয়ৰ আঁৰত তৃতীয় শক্তি জড়িত থকাৰ অভিযোগ ব্ৰহ্মৰ ৷ বিগত সময়ছোৱাত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত হোৱা সংঘাত হোৱাৰ বুজাবুজিৰ সুযোগ লৈ দুষ্টচক্ৰই এনেধৰণৰ পৰিকল্পনা ৰচনা কৰে বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে ৷ লগতে তেওঁ কয় যে ইউ পি পি দলে, ভুৱা আপত্তি দৰ্শাই হাৰাশাস্তি কৰা কোনোবা প্ৰকৃত নাগৰিকক সহায় কৰাৰ নীতি গ্ৰহণ কৰিছে ৷ ব্ৰহ্মৰ মতে বুজাবুজিৰ মাধ্যমেৰে যদি আমছু, এবিএমছু, এবছু , বেংগলী ফেডাৰেশ্যনে একেলগে বহি এই সমস্যাটো দূৰ কৰিবলৈ কাম কৰে তেতিয়া হয়তো নিৰীহ মানুহক বচাব পৰা যাব ৷ ইয়াৰোপৰি তেওঁ সকলো পক্ষকে আহ্বান জনায় যে কোনো প্ৰকৃত নাগৰিকে যাতে হাৰাশাস্তিৰ সন্মুখীন নহয়, কিয়নো এন আৰ চি এটা আইনী প্ৰক্ৰিয়া য'ত প্ৰকৃত বিদেশী মানুহক চিনাক্ত কৰি উলিওৱা হয় ৷ আৰু সেই দায়িত্ব সম্পূৰ্ণ এন আৰ চিৰ কৰ্তৃপক্ষ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কৰা হৈছে ৷

এন আৰ চিত ভুৱা আপত্তি দৰ্শোৱা প্ৰসংগ: ইউ পি পি এলৰ গভীৰ দুখ প্ৰকাশ

আমছু, এবিএমছু, বেঙলী ফেডেৰেছন ,এবছু একেলগে সমস্যা সমাধানৰ কাম কৰাৰ প্ৰয়োজন আছে: ইউ জি ব্ৰহ্মা 

বৰ্তমান এন আৰ চি উন্নতকৰনৰ প্ৰক্ৰিয়া চুৰান্ত পৰ্যায়ত আহি পোৱা সময়তহে একাংশ দুষ্টচক্ৰই প্ৰকৃত নাগৰিকৰ ওপৰত ভুৱা আপত্তি দৰ্শোৱা অভিযোগ উত্থাপিত হৈছে। ধৰ্মীয় সংখ্যালঘু , ভাষিক সংখ্যালঘু আৰু আক্ৰাছুকে ধৰি বিভিন্ন সংগঠনে এন আৰ চি উন্নতকৰনৰ প্ৰক্ৰিয়া বাধা প্ৰদান কৰা তথা প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰা অভিযোগ তুলি ক্ষুব্দ প্ৰকাশ কৰি অহাৰ ফলত এয়া দিনে দিনে বিস্ফোৰক বিষয়বস্তু হৈ পৰিছে । এই বিস্ফোৰক বিষয়বস্তুৰ ওপৰত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউ পি পি এল ৰাজনৈতিক দলৰ সভাপতি, লোকসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী তথা ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মাই । আজি সংবাদ মাধ্যমৰ যোগেদি প্ৰাক্তন সাংসদ গৰাকীয়ে বৰ্তমান এন আৰ চি সম্পৰ্কে অসমত ভুৱা যিটো আপত্তি আৰু ভুৱা আপত্তিৰ মাধ্যমেৰে নিৰীহ মানুহক হাৰাশাস্তি কৰা অভিযোগ উত্থাপিত হৈছে সেয়াক ইউ পি পি এল দলৰ পৰা গভীৰ দুখ প্ৰকাশ কৰা লগতে শুদ্ধ এন আৰ চি আমিও বিচৰাৰ কথা প্ৰকাশ কৰে। তাৰোপৰি প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে এন আৰ চি প্ৰক্ৰিয়া অন্নতি পলমে সমাপ্ত হওক তাকে দাবী কৰি কোনো ভাৰতীয় নাগৰিকক বিদেশী সজাই হাৰাশাস্তি কৰা আৰু এনেধৰণৰ ভুৱা আবেদন কৰি হাৰাশাস্তি কৰাটো আমি নিবিচাৰোঁ আৰু এই কাৰ্যক নিন্দা কৰোঁ। এই গোটেই বিষয়বস্তুৰ ওপৰত মানৱীয় দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়োজন আহি পৰিছে। এটা দুৰ্ভাগ্যজনক " হিউম্যান ট্ৰেজেডি" হবলৈ গৈ আছে , সেইটো লৈ অসমৰ কিছুমান সংগঠনে ৰাজনৈতিক কৰাটো দেখিবলৈ পোৱা গৈছে। সেয়া সম্প্ৰদায়ীক সংঘাত সৃষ্টি কৰিবলৈ কিছুমান শক্তিয়ে অহৰহ চেষ্টা কৰি আছে। এই সমগ্ৰ বিষয়ৰ আৰত তৃতীয় শক্তিৰ জৰিত হৈ আছে । ইমানবোৰ ভুৱা আবেদন তথা আপত্তি কেনেকৈ হব পাৰিছে , এইটো অকল কোনোবা এটা জিলাৰ কথা নহয় সমগ্ৰ অসমতে এই দুষ্টচক্ৰই ভুৱা আবেদনৰ মাধ্যমেৰে অস্থিৰটা সৃষ্টি কৰাটো দেখিবলৈ পোৱা গৈছে। কাৰণ আপত্তি দৰ্শোৱা পিছতো আপত্তিকাৰীয়ে শুনানিত উপস্থিত হোৱা নাই । বিগত সময়চোৱাত আমাৰ মাজত অস্তিৰ এটা ৰাজনৈতিক গল আৰু বিভিন্ন জাতি গোষ্ঠীৰ মাজত সংঘাত - সংঘৰ্ষ হোৱাৰ বাবে ভুল বুজাবুজিও হৈছে। সেই সংঘাত- সংঘৰ্ষৰ ভুল বুজাবুজিৰ সুযোগ লৈ দুষ্টচক্ৰই এনেধৰনৰ পৰিকল্পনা ৰচনা কৰাটো দেখিবলৈ পোৱা গৈছে। সঘনাই সদৌ বড়ো ছাত্র সন্থাৰ (এবছু) ৰ নাম লৈ থকাটো শুনা গৈছে। বিভিন্ন চক্ৰই সদৌ বড়ো ছাত্র সন্থাৰ বিৰুদ্ধে কিছুমান অভিযোগ উত্থাপন কৰি আহিছে লগতে ইয়াত ইউ পি পি দলৰ নামো সাঙুৰি লৈ বহুত কথা কোৱা শুনিবলৈ পোৱা গৈছে। ইউ পি পি এল দল এই গোটেইবোৰ বিষয়ৰ লগত জৰিত হব নোৱাৰে আৰু ইউ পি পি এল দলৰ নীতি অনুযায়ী কোনো ব্যক্তিৰ বিৰুদ্ধে আপত্তি দৰ্শাবলৈও সিদ্ধান্ত লোৱা নাই। বৰংশ ইউ পি পি দলে নীতি গ্ৰহণ কৰা হৈছে যে কোনোবা প্ৰকৃত নাগৰিকক ভুৱা আপত্তি দৰ্শাই হাৰাশাস্তি কৰে সেই নাগৰিকক সহায়হে কৰিব । সদৌ বড়ো ছাত্র সন্থাই ইতিমধ্যে স্পষ্টিকৰন দিয়া হৈছে যে ভুৱা আবেদন , ভুৱা আপত্তি যদি আছে সেইবিলাকক উঠাই লোৱা কাৰনে সমাজত সচেতনতা আনিবলৈ কাম কৰিব আৰু সদৌ বড়ো ছাত্র সন্থাই প্ৰকৃত নাগৰিকক সহায় সহযোগিতা আগবঢ়োৱাৰ উদ্ধোগ লব বুলি ভাবোঁ বুলি কয় ব্ৰহ্মাই । আজি সেই বিষয়টো লৈ ৰাজনীতি কৰাতকৈ সেই সকলৰ কথা চিন্তা কৰাটো ভাল যে ভুৱা যিটো আপত্তি দাখিল কৰা হৈছে সেই সকলৰ ভবিষ্যত কি হব ?  আমি কাজিয়া কৰিও সেইটো শেষ কৰিব নোৱাৰি । বৰংশ মীমাংশা তথা বুজাবুজিৰ মাধ্যমেৰে একেলগে যদি আমছু, এবিএমছু, এবছু , বেঙলী ফেডেৰেছন বহি এই সমস্যাটো দুৰ কৰিবলৈ একেলগে কাম কৰে তেতিয়া হয়তো আমি নিৰীহ মানুহক বচাব পাৰিব । প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মাই সকলো পক্ষকে আহ্বান জনায় যে যাতে প্ৰকৃত নাগৰিকৰ কোনো হাৰাশাস্তিৰ সন্মুখীন নহয় ,  কাৰন এন আৰ চি এটা আইনী প্ৰক্ৰিয়া আৰু প্ৰকৃত বিদেশী মানুহক চিনাক্ত কৰি উলিওৱা সেই দায়িত্ব সম্পূৰ্ণ এন আৰ চিৰ কৰ্তৃপক্ষৰ আৰু ভাৰতৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত সেয়া কৰা হৈছে। ইয়াত জনগন ৰাইজ , ব্যক্তিগত পৰ্যায়ৰ পৰা কৰিবলগা কাম নাই বুলি কয় ব্ৰহ্মাই। 
বাইট: ইউ জি ব্ৰহ্মা, প্ৰাক্তন সাংসদ , ৰাজ্য সভা।

Slug_Kokrajhar, byte UG Brahma on NRC issue..1_4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.