ETV Bharat / state

কোকৰাঝাৰত ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ চিকিৎসক ক'ভিড-19 ত আক্ৰান্ত - উপ-অধীক্ষক ড: নীলু কুমাৰ ব্ৰহ্ম

বুধবাৰে কোকৰাঝাৰ জিলাৰ ৩০ খন বিচনাযুক্ত বালাজান খণ্ড প্ৰাথমিক সামুহিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ পিচতে বৰ্তমান চিকিৎসালয়খনৰ ৰোগী সকল তথা ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ চিকিৎসক ড: হিমাংশু দাসৰ ক'ভিড-19 পজিটিভ পোৱা গৈছে ৷ যাৰ বাবে সামুহিক চিকিৎসালয়খনৰ ৰোগী সকলৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷

TODAY AGAIN ONE CORONA POSITIVE CASES FOUND IN KOKRAJHAR
কোকৰাঝাৰত ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ চিকিৎসক ক'ভিড-19 ত আক্ৰান্ত
author img

By

Published : Jul 22, 2020, 6:03 PM IST

কোকৰাঝাৰ, 22 জুলাই : ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সক্ৰমণ ৰোধ কৰাৰ বাবে চেষ্টা চলাইছে যদিও ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷

কোকৰাঝাৰত ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ চিকিৎসক ক'ভিড-19 ত আক্ৰান্ত

বুধবাৰে কোকৰাঝাৰ জিলাৰ ৩০ খন বিচনাযুক্ত বালাজান খণ্ড প্ৰাথমিক সামুহিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ পিচতে বৰ্তমান চিকিৎসালয়খনৰ ৰোগী সকল তথা ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে, চিকিৎসক ড: হিমাংশু দাসৰ ক'ভিড-19 পজিটিভ পোৱা গৈছে ৷ যাৰ বাবে সামুহিক চিকিৎসালয়খনৰ ৰোগী সকলৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰিছে ৷

ঘটনাৰ পৰৱৰ্তী সময়ত বালাজান খণ্ড প্ৰাথমিক সামুহিক চিকিৎসালয়ৰ উপ-অধীক্ষক ড: নীলু কুমাৰ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি, চিকিৎসক গৰাকী ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ পিচতে সম্প্ৰতি চিকিৎসালয় বন্ধ কৰি ৰখা হৈছে ৷ লগতে,চিকিৎসক গৰাকীৰ সংস্পৰ্শলৈ অহা সকলো ৰোগীক 'স্বাৱ' টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে ৷

ইতিমধ্য়ে,আক্ৰান্ত চিকিৎসক গৰাকীক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ লগতে, বালাজান খণ্ড প্ৰাথমিক সামুহিক চিকিৎসালয়খন চেনিটাইজ কৰাৰো ব্যবস্থা কৰিছে প্ৰশাসনে ৷ ইফালে,চিকিৎসক গৰাকী ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিচতে পৰিয়ালৰ লোকক 'স্বাৱ' টেষ্ট কৰা হৈছিল যদিও পৰিয়ালৰ আটাইৰে ক'ভিড নিগেটিভ পোৱা গৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, মঙলবাৰে পুৱতি নিশা সহকাৰী অভিযন্তা দিলীপ কুমাৰ ৰায় ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক : বাঢ়নি পানীত 3 কিল'মিটাৰ উটি গ'ল যাদৱ পায়েং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.