কোকৰাঝাৰ, 28 ডিচেম্বৰ : বৰদিনৰ উলহ-মালহৰ মাজতে যোৱা 25 ডিচেম্বৰত কোকৰাঝাৰ জিলাৰ ছালেকাটি উপ আৰক্ষী চকী এলেকাত তিনিগৰাকী 16 বছৰীয়া নাবালিকা ধৰ্ষণৰ বলি হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ এই ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰা এজাহাৰ ভিত্তিত ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত গোচৰ পঞ্জীয়ন কৰা হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, এগৰাকী নাবালিকাৰ সৈতে পূৰ্বে চিনাকী থকা চিৰাং জিলাৰ ঢালিগাৱঁৰ এজন যুৱকে বৰদিনৰ দিনাখন তেওঁক ফুৰিবলৈ যাবলৈ লগ ধৰিছিল ৷ সেইমৰ্মে চিৰাং আৰু বঙাইগাঁও জিলাৰ তিনিজন যুৱকে যোৱা 25 ডিচেম্বৰত এখন বলেৰ’ গাড়ীৰে আহি দুপৰীয়া 12 মান বজাত ছালাকাটি বজাৰ এলেকাৰ পৰা একেলগে তিনিগৰাকী নাবালিকা তথা তিনি বান্ধৱীক লগত লৈ বঙাইগাঁৱৰ দিশে ফুৰিবলৈ লৈ যায়। তেওঁলোকে কিছু সময় ফুৰা চকা কৰাৰ পাচত বঙাইগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰে এখন ধাবালৈ লৈ যায় ৷
তাৰ পিচতে তিনিও যুৱকে তিনিগৰাকী নাবালিকাক লৈ ধাবাৰ ভিতৰত থকা তিনিটা কোঠালিত প্ৰৱেশ কৰে আৰু নাবালিকা তিনিগৰাকীক বিভিন্ন ভয় ভাবুকি দেখুৱাই ধৰ্ষণ কৰে ৷ অপকৰ্ম সংঘটিত কৰাৰ পিচত নিশা 10 বজাত তিনি নাবালিকাকে ছালেকাটিৰ ওচৰৰ মুৰাবাৰী ৰে’লৱে গেটৰ ওচৰত নমাই থৈ যায় ৷ তাৰ পিচতে নাবালিকা তিনিগৰাকীয়ে পৰিয়ালৰ আগত সকলো বিৱৰি কোৱাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷
পৰৱৰ্তী সময়ত তিনিও ভুক্তভোগীৰ পৰিয়ালে কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰৰ মৰ্মে ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন হয়। এজাহাৰত উল্লেখ কৰা মতে জঘন্য ঘটনা সংঘটিত কৰা তিনি যুৱক ক্ৰমে, চিৰাং জিলাৰ বৰতালোৱাৰ মিৰাজুল ইছলাম, বঙাইগাঁৱৰ বৰপথাৰৰ আকতাৰুল আহমেদ, ছফিকুল ইছলাম ৷ সম্প্ৰতি তিনিও যুৱকৰ লগতে বলেৰ’ বাহনখনৰ চালক চিৰাং জিলাৰ বৰতালোৱাৰ আয়নাল হ’ক পলাতক অৱস্থাত আছে ৷
ইপিনে ঘটনা সম্পৰ্কে ভুক্তভোগী পৰিয়ালকেইটাই ছালাকাটি, কাজলগাঁও আৰু বঙাইগাঁও থানাত এজাহাৰ দাখিল কৰিবলৈ যোৱা সত্বেও কোনো ধৰণৰ সহাঁৰি লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশ্যে কোকৰাঝাৰ শীৰ্ষ বিষয়াৰ হস্থক্ষেপত মঙলবাৰে নিশা কোকৰাঝাৰ সদৰ থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ পঞ্জীয়নভুক্ত কৰা হৈছে ভুক্তভোগীৰ পৰিয়ালে জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, এই ধৰ্ষণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি ঘটনাৰে জড়িত দোষীক শীঘ্ৰেই কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে ৷
লগতে পঢ়ক: শোণিতপুৰত দুটাকৈ ডাইনী সন্দেহৰ ঘটনা: পুনৰ আটক এগৰাকী মহিলা