ETV Bharat / state

Bodoland University: বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটীৰ দল - ৰাংগালিখাতাস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়

মঙলবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হয় অসম বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটীৰ এটা দল (Education Department of Assam Assembly visited Bodoland University) ৷ এই দলটোৱে বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা শৈক্ষিক আৰু অনাশৈক্ষিক বিভিন্ন সমস্যাৰ বুজ লয় ৷

Team of Standing Committee
বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত অসম বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটীৰ এটা দল
author img

By

Published : Nov 29, 2022, 10:02 PM IST

কোকৰাঝাৰ, ২৯ নৱেম্বৰ : কোকৰাঝাৰ ৰাংগালিখাতাস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা শৈক্ষিক আৰু অনাশৈক্ষিক বিভিন্ন সমস্যাৰ বিষয়ে বুজ ল’বলৈ মঙলবাৰে কোকৰাঝাৰত উপস্থিত হয় অসম বিধানসভাৰ শিক্ষা বিভাগৰ এটা ষ্টেণ্ডিং কমিটীৰ এটা দল (Education Department of Assam Assembly visited Bodoland University) । Departmental Related Standing Committee in Education (DRSCE) ৰ অধ্যক্ষ তথা বিধায়ক পৰমানন্দ ৰাজবংশীৰ নেৰ্তৃত্বত অহা ষ্টেণ্ডিং কমিটিৰ দলটোত শাসক বিৰোধী উভয় পক্ষৰ আন ছজন বিধায়ক উপস্থিত আছিল ।

Team of Standing Committee
বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত অসম বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটীৰ এটা দল

উক্ত কমিটিখনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যাৰ (Various problems of Boroland University) বিষয়ে বুজ লয় আৰু আন্তঃগাঁথনি উন্নয়নকে ধৰি বিভিন্ন শৈক্ষিক সমস্যাৰ বিষয়ে বুজ লয় । উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত চূড়ান্ত বেমেজালিৰ সৃষ্টি হৈছে আৰু এবছুৰ নেৰ্তৃত্বত ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচীও ৰূপায়ন হৈছে । পৰীক্ষাৰ ফলাফলকে ধৰি আন শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়সমূহতো বেমেজালিৰ সৃষ্টি হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে অভিযোগৰ অন্ত নাই ৷ তাৰে দুটামান বিষয় ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ কোষে তদন্ত চলাই আছে ।

লগতে পঢ়ক : DU Ragging Incident: DU ৰ ৰেগিংকাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ দুই বিধায়কৰ

অসম বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটিৰ দলটোৱে আজি বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰাৰ অন্তত কমিটিয়ে সকলো দিশ চালি-জাৰি চাই এক প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল কৰিব ৷ এই প্ৰতিবেদন অনুসৰি পৰৱৰ্তী সময়ত বিধানসভাই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

ইপিনে উক্ত কমিটিৰ সদস্য তথা কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগনত ৰাজনৈতিক মন্তব্য প্ৰদান কৰে । বিটিআৰৰ ৰাইজে নৱ কুমাৰ শৰণীয়াক পুনৰবাৰৰ বাবে আৰু সাংসদ হিচাপে নিবিচাৰে বুলি মন্তব্য কৰি ৰবিৰাম নাৰ্জাৰীয়ে কয় যে যি পৰিৱেশ আৰু পৰিস্থিতিৰ সুযোগ লৈ নৱ কুমাৰ শৰণীয়া জিকিছিল সেই পৰিৱেশ এতিয়া আৰু নাই ।

সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে বিজেপি আৰু আৰ এছ এছৰ নেতাক লগ কৰাটো বেয়া কথা নহয় বুলি উল্লেখ কৰে ৷ লগতে হাগ্ৰামা মহিলাৰী কেতিয়াও বিজেপিৰ দললৈ নাযায় বুলি স্পষ্ট কৰি দিয়ে । তদুপৰি অহা লোকসভা নিৰ্বাচনত বিপিএফ দলে কাৰ সৈতে মিত্ৰতা কৰিব সেয়া এতিয়াও ঠিৰাং কৰা হোৱা নাই যদিও অহা লোকসভা নিৰ্বাচনত যে বিপিএফ দলে দলীয় প্ৰাৰ্থিত্ব দিব সেয়া খাটাং বুলি মন্তব্য প্ৰকাশ কৰিছে ৰবিৰাম নাৰ্জাৰীয়ে । উল্লেখ্য যে, আজি বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটিৰ দলটোক কোকৰাঝাৰ পুৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়েও সংগ দিয়ে ।

লগতে পঢ়ক : Cab Driver Arrested in Mumbai: বিদেশী মহিলাৰ সন্মুখত হস্তমৈথুন কৰি গ্ৰেপ্তাৰ হ’ল কেব চালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.