ETV Bharat / state

নিমাত আৰক্ষী ! তিনি যুৱকৰ নেতৃত্বত ৰাজ্যত চলিছে ব্ৰইলাৰ ছিণ্ডিকেট

author img

By

Published : Jun 19, 2019, 6:49 PM IST

ৰাজ্যত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট ৷ বংগৰ আলিপুৰদুৱাৰৰ পৰা অসমৰ বিভিন্ন জিলালৈ সৰবৰাহ হোৱা ব্ৰইলাৰ গাড়ীৰ পৰা অসম আৰু বংগ আৰক্ষীৰ নামত পাঁচ হাজাৰকৈ টকা আদায় লয় তাপস দত্ত, ৰতন ঘোষ আৰু সমীৰণ দাস নামৰ তিনি যুৱকে ৷

আলিপুৰদুৱাৰত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট

গোসাইগাঁও, 19 জুনঃ ৰাজ্যত অব্যাহত আছে ব্ৰইলাৰ ছিণ্ডিকেট । প্ৰতিখন গাড়ীৰ পৰা পাঁচ হাজাৰকৈ গুণ্ডাকৰ সংগ্ৰহ কৰিছে ছিণ্ডিকেট চক্ৰই । এই ছিণ্ডিকেটৰ ধন ক'লৈ যায় কোনেও নাজানে যদিও প্ৰতিখন ব্ৰইলাৰ মুৰ্গী কঢ়িওৱা গাড়ীয়ে ছিণ্ডিকেট চক্ৰক আদায় দি আহিছে ধন । যি সময়ত দুৰ্নীতিৰ বিৰুদ্ধে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে, তেনে সময়ত অসমৰ উপৰি বংগত অব্যাহত আছে ব্ৰইলাৰ ছিণ্ডিকেট । কিন্তু আৰক্ষী প্ৰশাসনৰ চৰম গাফিলতি আৰু দূৰদৰ্শিতাৰ অভাৱত সঘনাই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ সচেতন মহলৰ । অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ আলিপুৰদুৱাৰত চলিছে ব্ৰইলাৰ ছিণ্ডিকেট । বংগৰ আলিপুৰদুৱাৰৰ পৰা অসমৰ বিভিন্ন জিলালৈ সৰবৰাহ হোৱা ব্ৰইলাৰ গাড়ীৰ পৰা অসম আৰু বংগ আৰক্ষীৰ নামত পাঁচ হাজাৰকৈ টকা আদায় লয় তিনিজন যুৱকে ।

আলিপুৰদুৱাৰত অব্যাহত ব্ৰইলাৰ ছিণ্ডিকেট

প্ৰতিখন মুৰ্গী কঢ়িওৱা গাড়ীৰ পৰা মাহিলি ধন লোৱাৰ পাছতো গা লৰা নাই প্ৰশাসনৰ । বংগৰ আলিপুৰদুৱাৰৰ পৰা অসমৰ ৰঙিয়া, বৰপেটা, নলবাৰী, গোৱালপাৰা, বঙাইগাওঁ আদি বিভিন্ন জিলালৈ যোৱা সকলো মুৰ্গী কঢ়িওৱা গাড়ীয়ে দিব লাগে এই ধন । ধন নিদিলে গাড়ী ৰখাই চালকক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে আলিপুৰদুৱাৰৰ তাপস দত্ত, ৰতন ঘোষ আৰু অসমৰ শিমলূটাপুৰ বাসিন্দা সমীৰণ দাস ওৰফে নাড়ু দাস নামৰ যুৱকে ।

লগতে পঢ়কঃ কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ যুৱক

Intro:ৰাজ্যত পুনৰ ব্ৰইলাৰ ছিণ্ডিকেটঃ

বংগৰ আলিপুৰদুৱাৰৰ পৰা নিয়ন্ত্ৰিত হয় কুকুৰাৰ ছিণ্ডিকেটঃএখন গাড়ীৰ পৰা পাঁচ হাজাৰকৈ টকা আদায়।

গোসাইগাঁও18 জুন,ৰাজ্যত অব্যাহত আছে ব্ৰইলাৰ মুৰ্গীৰ ছিণ্ডিকেট।একোখন কৈ গাড়ীৰ পৰা পাঁচ হাজাৰকৈ গুণ্ডাকৰ সংগ্ৰহ কৰিছে ছিণ্ডিকেট চক্ৰই।কোনে চলাইছে এই ছিণ্ডিকেট আৰু উক্ত ধন ক'লৈ যায় কোনেও ক'ব নোৱাৰে যদিও প্ৰতিখন ব্ৰইলাৰ মুৰ্গী কঢ়িওৱা গাড়ীয়ে ছিণ্ডিকেট চক্ৰক আদায় দি আহিছে ধন।যি সময়ত দূৰ্নীতিৰ বিৰুদ্ধে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে,তেনে সময়ত অসমৰ উপৰি বংগত পুনৰ ব্ৰইলাৰ ছিণ্ডিকেট অব্যাহত আছে।মুৰ্গীৰ ছিণ্ডিকেট অব্যাহত আছে যদিও অসম আৰু বংগ আৰক্ষী নিমাত।আৰক্ষী প্ৰশাসনৰ চৰম গাফিলতি আৰু দূৰদৰ্শিতাৰ অভাৱত সঘনাই দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ সচেতন মহলৰ।অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ আলিপুৰদুৱাৰ জিলাত চলিছে ব্ৰইলাৰ ছিণ্ডিকেট।বংগৰ আলিপুৰদুৱাৰৰ পৰা অসমৰ বিভিন্ন জিলালৈ সৰবৰাহ হোৱা ব্ৰইলাৰ মুৰ্গীৰ গাড়ীৰ পৰা ধন লোৱা হয় আলিপুৰদুৱাৰত।বংগৰ আলিপুৰদুৱাৰ জিলাৰ পৰা নিয়ন্ত্ৰণ হয় ব্ৰইলাৰ মুৰ্গীৰ ছিণ্ডিকেট।অসম আৰু বংগৰ আৰক্ষীৰ নামত প্ৰতিখন মুৰ্গী কঢ়িওৱা গাড়ীৰ পৰা পাঁচ হাজাৰকৈ টকা আদায় ল'য় তিনিজন যুৱকে।মাহিলি হিচাপত প্ৰতিখন মুৰ্গী কঢ়িওৱা গাড়ীৰ পৰা ধন লোৱাৰ পাছতো গা লৰা নাই প্ৰশাসনৰ।বংগৰ আলিপুৰদুৱাৰৰ পৰা অসমৰ ৰঙিয়া,বৰপেটা,নলবাৰী,গোৱালপাৰা,বঙাইগাও আদি কৰি বিভিন্ন জিলাত যোৱা সকলো মুৰ্গী কঢ়িওৱা গাড়ীয়ে দিব লাগে এই ধন। Body: নহ'লে মুৰ্গী কঢ়িওৱা গাড়ীসমূহ ৰখাই চালকক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰে বংগৰ আলিপুৰদুৱাৰৰ তাপস দত্ত,ৰতন ঘোষ আৰু অসমৰ শিমূলটাপুৰ বাসিন্দা সমীৰন দাস ওৰফে নাড়ু দাস এই তিনিজন গুণ্ডাবাহিনিয়ে।প্ৰতিদিনে অসমত শতাধিক মুৰ্গীৰ গাড়ী প্ৰৱেশ কৰে।ব্ৰইলাৰ ছিণ্ডিকেট অব্যাহত থকাত বজাৰত ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধি পাইছে।Conclusion:দীৰ্ঘদিন ধৰি ব্ৰইলাৰ মুৰ্গী ছিণ্ডিকেট অব্যাহত আছে যদিও আৰক্ষী প্ৰশাসন একেবাৰে স্তব্ধ হৈ পৰিছে।

Byte:চালক

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.