ETV Bharat / state

BTCত আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থাঃ ভাস্কৰজ্যোতি মহন্ত - আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত

কোকৰাঝাৰ জিলাৰ প্ৰশাসনিক বিষয়া সকলৰ সৈতে আইন শৃংখলাৰ এখন সভাত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ নিৰ্বাচনৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি কঠোৰ হ'বলৈ নিৰ্দেশ দিয়ে ডিজিপি মহন্তই ৷

strict-action-to-be-taken-against-law-breaking-in-btc
BTCত আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থাঃডিজিপি ভাস্কৰজ্যোতি মহন্ত
author img

By

Published : Dec 1, 2020, 5:03 PM IST

কোকৰাঝাৰ,1ডিচেম্বৰঃ BTC নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত বুজ ল'বলৈ মঙলবাৰে কোকৰাঝাৰত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ কোকৰাঝাৰ জিলাৰ প্ৰশাসনিক বিষয়া সকলৰ সৈতে আইন শৃংখলাৰ এখন সভাত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷ নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি কঠোৰ হ'বলৈ নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান মহন্তই ৷

BTCত আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থাঃডিজিপি ভাস্কৰজ্যোতি মহন্ত

ইপিনে সাংবাদিকৰ আগত ভাস্কৰজ্যোতি মহন্তই সকলো ভোটাৰ ৰাইজক নিৰ্বাচনত নিৰ্ভয়ে ভোটদান কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি শান্তিপূৰ্ণ পৰিবেশৰ মাজত কোনো এটা দল তথা ৰাজনৈতিক নেতা-কৰ্মীয়ে হিংসাত্মক কাৰ্য সংঘটিত কৰিলে তাৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা হাতত লোৱা হ'ব বুলিও মন্তব্য কৰে ৷ ইতিমধ্যে, BTCত ৩০টাকৈ নিৰাপত্তা বাহিনীৰ কোম্পানী মোতায়ন কৰা হৈছে বুলি উল্লেখ কৰি প্ৰয়োজন হ'লে আৰু অধিক নিৰাপত্তা বাহিনীৰ দল মোতায়ন কৰা হ'ব বুলি কয় আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷

লগতে পঢ়কঃ বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.