ETV Bharat / state

স্বৰ্গীয় পিতৃৰ অপূৰ্ণ ইচ্ছা পূৰাবলৈ নিৰ্বাচনত নামিছে পুত্ৰ

ইউ পি পি এল দলৰ হৈ ছালাকাটি সমষ্টিত মনোনয়ন দাখিল কৰা লাজু মুছাহাৰী বেংগালুৰৰ পৰা বি বি এ উত্তীৰ্ণ তথা বিটিএডি নিৰ্বাচনৰ প্ৰথমজন কনিষ্ঠ প্ৰাৰ্থী যাৰ বয়স মাত্ৰ ২৬ বছৰ ৷

author img

By

Published : Sep 1, 2020, 9:52 PM IST

son will contest election to fulfill fathers unfulfilled wish
মৃত পিতৃৰ অপূৰ্ণ ইচ্ছা পূৰাবলৈ নিৰ্বাচনত নামিছে পুত্ৰ

কোকৰাঝাৰ, ১ ছেপ্টেম্বৰঃ ৰাজ্যিক নিৰ্বাচনী আয়োগে বি টি এডিৰ ছালাকাটি সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ মঙলবাৰৰ দিনটোক অন্তিম দিন ধাৰ্য কৰাত ইউপিপিএল দলৰ হৈ লাজু মুছাহাৰীয়ে সংশ্লিষ্ট ৰিটানিং বিষয়াৰ ওচৰত নিজ মনোনয়ন পত্ৰ দাখিল কৰে ৷

উল্লেখ্য যে, পূৰ্বতে ছালাকাটি জনজাতি সমষ্টিৰ পৰা হিতেশ মুছাহাৰী ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল ৷ কিন্তু ২১ জুলাইত উক্ত পৰিষদীয় সমষ্টিৰ পৰা ইউ পি পি এল দলৰ হৈ মনোনয়ন দাখিল কৰা প্ৰাৰ্থী হিতেশ মুছাহাৰীয়ে ৰোগাক্ৰান্তহৈ আকস্মিক বিয়োগ ঘটাত সমষ্টিটোত ৰাজ্যিক নিৰ্বাচনী আয়োগে পুনৰ মনোনয়ন দাখিলৰ নিৰ্দেশনা জাৰি কৰে । সেই মৰ্মে মঙলবাৰে ইউপিপিএল দলৰ হৈ পুনৰ নতুন প্ৰাৰ্থী লাজু মুছাহাৰীয়ে মনোনয়ন পত্ৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, প্ৰাৰ্থী লাজু মুছাহাৰী পূৰ্বৰ প্ৰয়াত প্ৰাৰ্থী হিতেশ মুছাহাৰীৰ পুত্ৰ ৷ মনোনয়ন দাখিলৰ অন্তত ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী লাজু মুছাহাৰীয়ে বি টি এডি বাসী ৰাইজৰ পৰিবৰ্তনৰ স্বাৰ্থত তেওঁ প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি কয় যে, মৃত পিতৃৰ নিৰ্বাচন খেলাৰ আশা পূৰণ কৰিবলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব তেখেতে ৷

মঙলবাৰে মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেখেতক সংগ দিয়ে দোতমা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জৌমৈ ওৱাৰী ৷ তেওঁ ইউপিপিএল দলে ৩০ খন আসন দখলৰে পৰিষদ গঠন কৰিব বুলি দাবী কৰে ৷

ইউপিপিএল দলৰ হৈ ছালাকাটি সমষ্টিত মনোনয়ন দাখিল কৰা লাজু মুছাহাৰী বেংগালুৰৰ পৰা বি বি এ উত্তীৰ্ণ তথা বিটিএডি নিৰ্বাচনৰ প্ৰথমজন কনিষ্ঠ প্ৰাৰ্থী যাৰ বয়স মাত্ৰ ২৬ বছৰ ৷

উল্লেখ্য যে, ৰাজ্যিক নিৰ্বাচনী আয়োগে ছালাকাটি সমষ্টিত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ বাবে ৫ ছেপ্টেম্বৰ অন্তিম দিন ধাৰ্য কৰিছে ৷লগতে পঢ়ক : নামনি অসমত নিৰ্বাচনী কুচকাৱাজ কৃষক মুক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.