নিউজ ডেস্ক, 20 নৱেম্বৰঃ বুধবাৰে বিভিন্ন সমস্যাৰ দাবীত ৰাজ্যজুৰি চলিল প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদত নামিল আঞ্চলিকতাবাদী সুৰক্ষা মঞ্চ। বিধেয়কখনৰ বিৰুদ্ধে বুধবাৰে গুৱাহাটী ক্লাৱত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে প্ৰতিবাদকাৰী সকল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক অসম তথা উত্তৰ-পূৱৰ ভৱিষ্যতৰ প্ৰতি ভাবুকিস্বৰূপ এখন বিধেয়ক বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।
ইফালে হাফলং চহৰতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে হিলচ্ ট্ৰাইব ষ্টুডেন্টছ ইউনিয়নে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাফলং জিলা উপায়ুক্তৰ কাৰ্যালৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷ একেদৰে কোকৰাঝাৰতো এবিএমছুয়ে 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কোকৰাঝাৰ শিশু উদ্যানত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ সদস্যসকলে ৷ 2017 চনত কোকৰাঝাৰ টিতাগুৰিত দিনদুপৰতে গুলিয়াই হত্যাকৰা এবিএমছুৰ নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ দুবছৰ পূৰ্ণ হোৱাৰ পাচতো হত্যাকাৰীৰ সন্ধান নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে এবিএমছুৱে । একেদৰে ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এবিএমছুয়ে। লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ক্ত কৰি ফাঁচি দিয়াৰ লগতে ডি ভোটাৰৰ নামত সংখ্যালঘু লোকক অত্যাচাৰ বন্ধ কৰাৰ দাবী জনায় সংগঠনটোৱে।
আনহাতে, কলগাছিয়াত বি.এড শিক্ষাৰ্থীসকলে ধৰ্ণা দিয়ে ৷ বি.এড. প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক উচ্চ মাধ্যমিকৰ টেট পৰীক্ষাত বহিবলৈ দিয়াৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী। টেটত বহিবলৈ নিদিলে ভয়াৱহ আন্দোলনৰ হুংকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ। ৰঙিয়াতো অনুৰূপভাৱে বি. এড. শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰি সমাগত উচ্চ মাধ্যমিক পৰীক্ষাত বি.এড. প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী সকলক অৱতীৰ্ণ হ'বলৈ দিয়াৰ দাবী জনায় ৷
ইফালে কামৰূপৰ আমিনগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে জিলাখনৰ ভিন্ন প্ৰান্তত মদ,জুৱা,ড্ৰাগছ আদি অসমাজিক কাৰ্যকলাপ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে ৷ মুঠতে বুধবাৰৰ দিনটোত ৰাজ্য জুৰি বিভিন্ন দল সংগঠনে ভিন ভিন দাবীত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল ৷