ETV Bharat / state

কোকৰাঝাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ - apprehended

হত্যাকাৰী সৰ্বানন্দৰ স্বীকাৰোক্তি অনুসৰি তেওঁ মূল ৰাস্তাৰে নগৈ ঘৰৰ পাছফালে সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু প্ৰথমে টিপুল ৰায়ক হত্যা কৰে ।

কোকৰাঝাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
author img

By

Published : Jul 1, 2019, 9:20 AM IST

Updated : Jul 1, 2019, 10:11 AM IST

কোকৰাঝাৰ,০১ জুলাই : কোৰাঝাৰৰ একেটা পৰিয়ালৰে তিনিজন সদস্যক হত্যা কৰা হত্যাকাৰীক কোৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । ধৃত লোকজন ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত খেজুৰবাৰীৰ সৰ্বানন্দ বৰ্মন। হত্যাকাৰীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সমগ্ৰ হত্যাৰ ঘটনা ।

কোকৰাঝাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

সৰ্বানন্দ বৰ্মনে যোৱা ২৭ জুনত একেটা পৰিয়ালৰে তিনিজন সদস্য ক্ৰমে টিপুল ৰায়,মৰমী ৰায় আৰু তেওঁলোকৰ কন্যা অঞ্জুমণি ৰায়ক ঘপিয়াই হানি খুচি হত্যা কৰিছিল। ব্যাপক চাঞ্চল্য সৃষ্টি কৰা উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিচতে আৰক্ষীয়ে তদন্ত চলাই হত্যাকাৰী সৰ্বানন্দক দেওবাৰে গ্ৰেপ্তাৰ কৰে । হত্যাকাৰী জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাচতে আৰক্ষীয়ে তেওঁক ঘটনাস্থলীলৈ লৈ যায় আৰু কি দৰে হত্যাকাণ্ড সংঘটিত কৰিছিল সেয়া স্বীকাৰ কৰে আৰক্ষীৰ আগত। হত্যাকাৰী সৰ্বানন্দৰ স্বীকাৰোক্তি অনুসৰি তেওঁ মূল ৰাস্তাৰে নগৈ ঘৰৰ পাছফালে সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু প্ৰথমে টিপুল ৰায়ক হত্যা কৰে। তেনে সময়তে প্ৰাণৰ মমতাত মৰমী ৰায়ে কন্যা অঞ্জুমণিক লৈ দৌৰ মাৰোতেই সৰ্বানন্দই মৰমীক ডেগাৰেৰে উপৰ্যুপৰি ঘাপ মাৰে। একেদৰে কণমানি সন্তান অঞ্জুমণি ৰায়কো ডেগাৰেৰে হানি খুচি হত্যা কৰে । আৰু হত্যা কাণ্ডত ব্যৱহৃত ডেগাৰখন কাষৰ হেল নদীত পেলাই দিয়ে। ইপিনে উক্ত হত্যাকাণ্ডটো কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে প্ৰেমজনিত কাৰণত হোৱা বুলি মত প্ৰকাশ কৰে।

Intro:অৱশেষত ফকিৰাগ্ৰাম আৰু কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’ল কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত মুখীগাঁৱৰ লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জড়িত মূল কালপ্ৰীতজনক৷ একেটা পৰিয়ালৰে তিনিজনকৈ সদস্যক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা ধৃত ঘাতকগৰাকী ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত খেজুৰবাৰীৰ শোভানন্দ বৰ্মন(২৪) বুলি চিনাক্তকৰণ কৰিছে আৰক্ষীয়ে৷Body:উল্লেখ্য যে ব্যাপক চাঞ্চল্য সৃষ্টি কৰা উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ব্যাপক তদন্ত চলাই শোধপোছৰ বাবে ধৃত শোভানন্দ বৰ্মণ নামৰ লোকজনক আটক কৰিছিল যদিও তেখেতৰ স্বীকাৰোক্তিত দেওঁবাৰে এই সমস্ত ঘটনা পোহৰলৈ অহাৰ পিছতে তেওঁক পুনৰ উক্ত ঘটনাস্থলী লৈ অহা হয় আৰু এই ঘটনা সংক্ৰান্তত ব্যাপক অনুসন্ধান চলায় আৰক্ষীয়ে৷Conclusion:আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এয়া এক অবৈধ প্ৰেমজনিত ঘটনা আছিল আৰু যাৰ ফলশ্ৰুতিতে শোভানন্দ বৰ্মনে সিন্ধি খান্দি প্ৰথমে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু টিপুল ৰায়ক ৰোডেৰে মৰিয়াই হত্যা কৰাৰ পিছত প্ৰাণৰ মমতাত দুৱাৰ খুলি কনমানি সন্তানক লগত লৈ মৰমীয়ে দৌৰিবলৈ লওঁতেই শোভানন্দই মৰমীকো পিছফালৰ পৰা থাপ মাৰি ধৰে আৰু ডেগাৰেৰে মাতৃ-সন্তান দুয়োকে ঘাপ মাৰি হত্যা কৰে৷ অভিযুক্তৰ স্বীকাৰোক্তি অনুসৰি হত্যাত ব্যৱহৃত হোৱা ডেগাৰখন অভিযুক্ত শোভানন্দই কাষৰে হেল নদীত পেলাই দিয়ে যদিও ইয়াক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
Last Updated : Jul 1, 2019, 10:11 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.