কোকৰাঝাৰ, ২০ জুন : বড়োভূমিত পুনৰ আৰম্ভ হৈছে পৃথক বড়ো ৰাজ্যৰ দাবীৰে আন্দোলনৰ আন এক কুচকাৱাজ। পিপ'লচ ডেম'ক্ৰেটিক ম'ভমেণ্ট ফ'ৰ বড়োলেণ্ড চমুকৈ পি ডি এম বি নামৰ এটা সংগঠনে কোকৰাঝাৰত এখন সংবাদ মেলৰ জৰিয়তে এই কথা সদৰি কৰিলে।
সংগঠনটোৰ সভাপতি জেব্ৰা ৰাম মোচাহাৰীয়ে কয়,পৃথক বড়োলেণ্ডৰ দাবীৰে সংগঠনটোৱে বড়ো ভূমিত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলনৰ বাবে সাজু হৈছে । চলিত বৰ্ষৰ ২০ জানুৱাৰীত বড়ো বিদ্ৰোহী দল এন ডি এফ বিৰ সৈতে হোৱা শান্তি চুক্তি বড়োভুমিৰ বাবে কেতিয়াও অন্তিম চুক্তি হ'ব নোৱাৰে। বিটিচিৰ বৰ্তমানৰ ৰাজ্যপাল শাসনক আতঁৰাই অতি শীঘ্ৰে বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰো দাবী কৰিলে সংগঠনটোৰ নেতৃত্বই ।
লগতে চাওকঃ বিটিচিত ৰাজ্যপালৰ শাসনক লৈ পুনৰ সৰৱ সাংসদ বিশ্বজিৎ দৈমাৰী