ETV Bharat / state

বিদ্যুৎ মাচুল অনাদেয় গ্ৰাহকৰ বিৰুদ্ধে বিদ্যুৎ কৰ্তন অভিযান

author img

By

Published : Jun 30, 2021, 12:05 PM IST

শক্তি মন্ত্ৰী বিমল বৰাৰ কোকৰাঝাৰ ভ্ৰমণ ৷ সকলোকে সময়মতে বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ আহ্বান জনাই মন্ত্ৰী বিমল বৰাই পহিলা জুলাইৰ পৰা ১০ জুলাইলৈ সমগ্ৰ ৰাজ্যতে মাচুল অনাদেয় গ্ৰাহকৰ বিৰুদ্ধে সংযোগ কৰ্তনৰ বিশেষ অভিযান চলোৱা হ'ব বুলি সদৰী কৰে ।

Power cut drive against unpaid consumers at Kokrajhar
বিদ্যুৎ মাচুল অনাদেয় গ্ৰাহকৰ বিৰুদ্ধে বিদ্যুৎ কৰ্তন অভিযান

কোকৰাঝাৰ, 30 জুন : অসমৰ শক্তি আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা (bimal borah)ই মঙলবাৰে কোকৰাঝাৰ ভ্ৰমণৰ উদ্দেশ্যে জিলাখনত উপস্থিত হয় ৷ মন্ত্ৰী বৰাই প্ৰথমে কোকৰাঝাৰৰ অসম শক্তি বিতৰণ নিগম(APDCL)ৰ কাৰ্যালয় পৰিভ্ৰমণ কৰি বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সৈতে এক আলোচনাত মিলিত হয় ৷ আলোচনাৰ পাচতে মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰু ধুবুৰী জিলাৰ বিলাসীপাৰা, ৰাণীগঞ্জ পৰিভ্ৰমণ কৰি গ্ৰাহকে বিদ্যুতৰ মাচুল নিদিয়াৰ সন্দৰ্ভত বুজ লয় ৷

ধুবুৰী পৰা উভতি আহি মন্ত্ৰী বিমল বৰা (bimal borah)ই পোনে পোনে কোকৰাঝাৰ জিলা বিজেপি (BJP) কাৰ্যালয়ত দলীয় কৰ্মকৰতা সৈতে আলোচনা মিলিত হয় । আলোচনাৰ অন্তত মন্ত্ৰী বৰাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে ফকিৰাগ্ৰামত হাজাৰ হাজাৰ লোকে বিদ্যুতৰ বিল পৰিশোধ কৰা নাই । ৰাণীগঞ্জত বিদ্যুত বিল অনাদায় হৈ থকাৰ পৰিণতিতে একাংশ গ্ৰাহকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে ৷ যাৰ ফলত সংযোগ বিচ্ছিন্ন কৰিবলৈ যোৱা বিদ্যুত কৰ্মীৰ ওপৰত শাৰিৰীক আক্ৰমণ পৰ্যন্ত চলিছে ।

উল্লেখ্য যে, বিলাসীপাৰাত মুঠ ৫৪ হাজাৰ গ্ৰাহকৰ ভিতৰত মাথো ৮ হাজাৰ গ্ৰাহকেহে বিদ্যুত বিল পৰিশোধ কৰিছে আৰু অদ্যপি ৪২ কোটি টকা বকেয়া ধন পাবলৈ বাকী আছে ।

সকলোকে সময়মতে বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ আহ্বান জনাই মন্ত্ৰী বিমল বৰাই কয়, আগন্তুক ১ জুলাইৰ পৰা ১০ জুলাইলৈ সমগ্ৰ ৰাজ্যত বিল অনাদেয় গ্ৰাহকৰ বিৰুদ্ধে সংযোগ কৰ্তনৰ বিশেষ অভিযান চলোৱা হ'ব ৷ আনহাতে, ৰাজ্যত ২,২০০ মেগাৱাট বিদ্যুতৰ দৰকাৰ হয় আৰু বৰ্তমান অসমত কোনোধৰণৰ লোডশ্বেডিং নাই বুলি সদৰী কৰিছে বিমল বৰাই । তদুপৰি সকলো গাঁৱতে বৈদ্যুতিককৰণ হৈছে মাথো কৰবাতহে ১০০ মিটাৰ অথবা ২০০ মিটাৰ কাম বাকী আছে বুলি মন্তব্য কৰে ৷

লগতে বিদ্যুৎ বিভাগৰ সংস্কাৰৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি মন্ত্ৰী বৰাই কয়, বিলিং প্ৰক্ৰিয়া, মিটাৰিং প্ৰক্ৰিয়া আগন্তুক সময়ছোৱাত উন্নত কৰা হ'ব ৷ ইপিনে, শুৱালকুছিত ক'ভিড প্ৰট'কল ভংগ কৰি ফুটবল খেলাটো উচিত হোৱা নাই আৰু উক্ত ভুলৰ বাবে অসমৱাসীৰ ওচৰত ক্ষমা ভিক্ষা মাগি ভৱিষ্যতে এনে ভুল নহয় বুলি মন্তব্য কৰিছে শক্তিমন্ত্ৰী বিমল বৰাই ।

লগতে পঢ়ক: ঘৰে ঘৰে গৈ অবৈধ বিদ‍্যুৎ সংযোগ কৰ্তন APDCL ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.