ETV Bharat / state

কোকৰাঝাৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

author img

By

Published : Sep 20, 2020, 7:02 PM IST

কোকৰাঝাৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিয়ান চলাই কচুগাঁৱৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ ৷ চুগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ ৰাভা আৰু কোকৰাঝাৰৰ চহৰ উপ-পৰিদৰ্শক লাটুক দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে শনিবাৰে নিশা 8 বাজি 30 মান বজাত অভিযান চলাই অস্ত্ৰ সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Police recover huge cache of arms-ammunition in Assam's Kokrajhar district
কোকৰাঝাৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

কোকৰাঝাৰ, 20 ছেপ্তেম্বৰ : কোকৰাঝাৰ জিলাৰ কচুগাঁৱত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ গোসাইগাঁও মহকুমাৰ কচুগাঁৱত নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে অস্ত্ৰ ভাণ্ডাৰখিনি ৷

আৰক্ষী সূত্ৰত জানিব পৰা মতে, কচুগাঁও থানাৰ অন্তৰ্গত শান্তিপুৰ পেকুৱা নদীৰ পাৰত জংগলত দুৰ্বৃত্তই অস্ত্ৰ-সস্ত্ৰ মজুত কৰি ৰখাৰ এক গোপন খবৰ পাইছিল ৷ উক্ত খবৰৰ ভিত্তিত কচুগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ ৰাভা আৰু কোকৰাঝাৰৰ চহৰ উপ-পৰিদৰ্শক লাটুক দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে শনিবাৰে নিশা প্ৰায় 8.30 বজাত অভিযান চলাই অস্ত্ৰ সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, আৰক্ষীয়ে অভিযানত চাৰিটা গ্ৰেনেড, চাৰিটা ডিটেনেটৰ, মেগজিন সহ 7:65 এম এমৰ এটা পিস্তল, এটা এ কে 47, এটা দেশীয় উজি এছল্ট ৰায়ফল, দুটা মেগজিন, এ কে 47 ৰ 13 টা সজীৱ গুলী সহ মাৰনাস্ত্ৰ নিৰ্মাণৰ কিছুমান সামগ্ৰী উদ্ধাৰ কৰে ৷ সম্প্ৰতি উদ্ধাৰকৃত মাৰনাস্ত্ৰ সমূহ কচুগাঁও থানাত ৰখা হৈছে ৷

লগতে পঢ়ক : গোৰেশ্বৰত বিজেপিয়ে পালন কৰিলে সেৱা সপ্তাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.