কোকৰাঝাৰ, ৯ ফেব্ৰৱাৰী:- বিটিআৰত সংখ্যালঘু উন্নয়ন ব’ৰ্ড গঠন কৰা, সংখ্যালঘু ব্যক্তিক বিটিআৰত চৰকাৰীত মনোনিত সদস্য হিচাপে নিযুক্তি দিয়া, বিটিআৰত বসবাস কৰা ভাৰতীয় নাগৰিকক উচ্ছেদ বন্ধ কৰা আৰু বিটিআৰত থকা প্ৰতিজন ভাৰতীয় লোকক মাটিৰ পট্টা দিয়াৰ দাবীত মঙলবাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৱে কোকৰাঝাৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । নেমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যলয়ৰ নিকটত তথা শিশু উদ্যানৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ নেৰ্তৃত্বত ৰূপায়িত হোৱা উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, হাতে হাতে প্লে - কাৰ্ড লৈ ধৰ্মঘট কাৰ্যসূচীত অৱস্থান গ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে নিজৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।
একেদৰে বিটিআৰত সংখ্যালঘু ব’ৰ্ড গঠন কৰা আৰু ২০০৩ চনৰ পূৰ্বৰে পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসৱাস কৰা লোকসকলক মাটিৰ পট্টা দিবলৈও দাবী উত্থাপন কৰি নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে কয় যে, বিটিআৰ চুক্তিক যিহেতু শান্তিৰ চুক্তি বুলি অভিহিত কৰা হৈছে সেয়েহে সকলো জাতি-জনগোষ্ঠীয়ে সমিলমিল আৰু শান্তিৰে বসৱাস কৰিব লাগে । উল্লেখ্য যে, অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ যোগেদি কেইবাদফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰে নেমছুৱে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নেমছুৰ জিলা সভাপতি আলেবৰ আলী আৰু মফিজুল ইছলামকে ধৰি ছাত্ৰ সংগঠনটোৰ কেইবাগৰাকী নেতৃৃৃৃবৃন্দ উপস্থিত থাকে ৷