ETV Bharat / state

কোকৰাঝাৰত বিটিচিত সংখ্যালঘু উন্নয়ন বৰ্ড গঠনৰ দাবী নেমছুৰ - kokrajhar

সংখ্যালঘু লোকসকলক ফুটবলৰ দৰে ব্যৱহাৰ কৰি ক্ষমতাত দখলৰ পাছত প্ৰতাৰণা কৰিলে বিটিআৰৰ পৰৱৰ্তী চৰকাৰে জনতাৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিয়ে নেমছুৰ সভাপতি বদৰুল ইছলামে ৷ তেওঁ লগতে আগন্তুক নিৰ্বাচনত কোনো ৰাজনৈতিক দলক নেমছুয়ে সমৰ্থন জনোৱা নাই বুলি সভাত স্পষ্ট কৰি দিয়ে ।

nemsu_meeting at kokrajhar
কোকৰাঝাৰত বিটিচিত সংখ্যালঘু উন্নয়ন বৰ্ড গঠনৰ দাবী নেমছুৰ
author img

By

Published : Nov 27, 2020, 12:17 PM IST

কোকৰাঝাৰ, 27 নৱেম্বৰ : উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে বৃহস্পতিবাৰে এদিনীয়া কাৰ্যসূচীৰে এখন কৰ্মশালাৰ আয়োজন কৰে । সভাৰ আৰম্ভণিতে উপস্থিত সকলোৱে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেশী আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । কোকৰাঝাৰ জিলা নেমছুৰ ভাৰপ্ৰাপ্ত সভাপতি অলেবৰ আলিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকি নেমছুৰ সভাপতি বদৰুল ইছলামে কয় যে আগন্তুক দিনত বিটিচিত সংখ্যালঘু জনতাৰ জীৱন সুনিশ্চিত কৰিব লাগিব । বিটিচিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোকৰ দৰে পিছপৰা সংখ্যালঘু লোকসকলকো সম উন্নয়ন,সম অধিকাৰ দিব লাগিব । সংখ্যালঘু লোকসকলক ফুটবলৰ দৰে ব্যৱহাৰ কৰি ক্ষমতাত দখলৰ পাছত প্ৰতাৰণা কৰিলে বিটিআৰৰ পৰৱৰ্তী চৰকাৰে জনতাৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব । তেওঁ লগতে বিটিআৰৰ পৰৱৰ্তী চৰকাৰে বিটিআৰত সংখ্যালঘু উন্নয়ন বৰ্ড গঠন কৰিবই লাগিব বুলি দাবী কৰে ।

কোকৰাঝাৰত বিটিচিত সংখ্যালঘু উন্নয়ন বৰ্ড গঠনৰ দাবী নেমছুৰ

নেমছুৰ সভাপতি বদৰুল ইছলামে লগতে কয় যে,সংখ্যালঘু লোকক প্ৰতাৰণা কৰা চৰকাৰক বিটিচিত শান্তিৰে তিষ্ঠি থাকিবলৈ দিয়া নহ’ব । তেওঁ লগতে আগন্তুক নিৰ্বাচনত কোনো ৰাজনৈতিক দলক নেমছুয়ে সমৰ্থন জনোৱা নাই বুলি সভাত স্পষ্ট কৰি দিয়ে। সভাত উপস্থিত থাকি ড0 আতাউৰ ৰহমানে কয় যে,পিছপৰা সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক-সামাজিক উন্নয়নৰ লগতে জনসংখ্যা নিয়ন্ত্ৰণ,বাল্য বিবাহ আৰু সমাজৰ কু-সংস্কাৰ,অন্ধবিশ্বাসৰ বিৰুদ্ধে নেমছুয়ে কাম কৰিব লাগিব। ইয়াৰ লগতে নেমছুয়ে লাফিকুল ইছলামৰ হত্যাকাৰীকো গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ৷

nemsu_meeting at kokrajhar
কোকৰাঝাৰত বিটিচিত সংখ্যালঘু উন্নয়ন বৰ্ড গঠনৰ দাবী নেমছুৰ

সভাত নেমছু'ৰ সহ-সাংগঠনিক সম্পাদক আব্দুল মান্নান খান,কোকৰাঝাৰ জিলা সাধাৰণ সম্পাদক মফিজুল হক,বাক্সা জিলা সমিতিৰ সভাপতি হাফিজুল ইছলামৰ লগতে কোকৰাঝাৰ জিলা নেমছু'ৰ সমূহ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: প্ৰয়াত তৰুণ গগৈৰ সৈতে থকা স্মৃতি সোঁৱৰণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.