ETV Bharat / state

কোকৰাঝাৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস উৎযাপন

author img

By

Published : Jul 11, 2020, 9:17 AM IST

শুকুৰবাৰে BTC ৰ মীন বিভাগৰ মূৰব্বী বিষয়া উদয় কুমাৰ বসুমতাৰীয়ে বিটিএডিত মাগুৰ মাছ পালনৰ অভিলাসী আঁচনি গ্ৰহণ কৰে ৷ ইয়াৰোপৰি বিটিএডিত মীন পালনৰ জৰিয়তে 30 শতাংশ লোক উপকৃত হোৱাৰ লগতে বিটিএডিত মাগুৰ মাছৰ চাহিদা বৃদ্ধি পাইছে বুলিও অৱগতে কৰে ৷

Kokrajhar
ৰাষ্ট্ৰীয় মীন পালক দিৱস

কোকৰাঝাৰ, 11 জুলাই : BTC মীন বিভাগৰ উদ্যোগত শুকুৰবাৰে কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন কৰা হয় ৷ এই অনুষ্ঠানত জিলা উপায়ুক্ত ভাস্কৰ ফুকনে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ উদ্ধোধনী কৰে ৷ অনুষ্ঠানত উপস্থিত থাকে BTC ৰ মীন বিভাগৰ মূৰব্বী বিষয়া উদয় কুমাৰ বসুমতাৰী, যুটীয়া সচিব উইলবাৰ্ন দৈমাৰী, মীন বিভাগৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ লগতে বিভিন্ন প্ৰান্তৰ মীন পালকসকল ৷

লগতে পঢ়কঃ মুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা

উল্লেখ্য যে, ভাৰতবৰ্ষত মৎস্য উদ্যোগৰ বিকাশত পোনা উৎপাদন প্ৰযুক্তিয়ে এক সবল ভূমিকা গ্ৰহণ কৰি আহিছে । মাছ পোনাৰ অভাৱৰ বাবেই ষাঠিৰ দশকলৈ মীন উদ্যোগে বিশেষভাৱে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাছিল । ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ওড়িশাৰ কটকত প্ৰফেছৰ ড° হীৰালাল চৌধুৰী আৰু ড° কে এইচ আলিকুনহিয়ে কাৰ্প মাছৰ আৱিষ্ট প্ৰজনন কৰি কৃতকাৰ্যতা লাভ কৰিছিল । আধুনিকভাৱে আৱিষ্ট প্ৰজননৰ জৰিয়তে মাছ পোনা উৎপাদনৰ দ্বাৰা ড° চৌধুৰী আৰু ড° আলিকুনহিয়ে এক বিৰল কৃতিত্বৰ দাবীদাৰ হয়। তেওঁলোক দুয়োজনৰ এই আশাশুধীয়া প্ৰচেষ্টা আমাৰ মাজত যাতে চিৰস্মৰণীয় হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে ২০০১ চনৰ ১০ জুলাইৰ দিনটো ‘ৰাষ্ট্ৰীয় মীনপালক দিৱস’ হিচাপে ঘোষণা কৰে।

ৰাষ্ট্ৰীয় মীন পালক দিৱস

এই দিনটোৰ লগত সংগতি ৰাখি শুকুৰবাৰে BTC ৰ মীন বিভাগৰ মূৰব্বী বিষয়া উদয় কুমাৰ বসুমতাৰীয়ে বিটিএডিত মাগুৰ মাছ পালনৰ অভিলাসী আঁচনি গ্ৰহণ কৰে ৷ ইয়াৰোপৰি বিটিএডিত মীন পালনৰ জৰিয়তে 30 শতাংশ লোক উপকৃত হোৱাৰ লগতে বিটিএডিত মাগুৰ মাছৰ চাহিদা বৃদ্ধি পাইছে বুলিও অৱগতে কৰে ৷

আনহাতে মীন বিভাগত সংঘটিত হৈ থকা কোটিটকীয়া দুৰ্নীতি সম্পৰ্কে বিষয়াগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত এয়া সম্পূৰ্ণ মিছা অভিযোগ বুলি মন্তব্য কৰাৰ লগতে দুৰ্নীতিৰ তথ্য হৈছে যদি ইয়াৰ তথ্য প্ৰকাশ কৰিব পাৰে বুলিও মন্তব্য কৰে উদয় কুমাৰ বসুমতাৰীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.