ETV Bharat / state

কোকৰাঝাৰত আৰক্ষীৰ জালত হত্যাকাৰী - শোভানন্দ বৰ্মন

মুখীগাঁৱৰ একেটা পৰিয়ালৰে তিনিজনকৈ লোকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ শোভানন্দ বৰ্মনৰ বিৰুদ্ধে ৷ অভিযুক্তই ব্যৱহাৰ কৰিছিল লোৰ ৰ’ড আৰু চুৰি

কোকৰাঝাৰত আৰক্ষীৰ জালত হত্যাকাৰী
author img

By

Published : Jul 1, 2019, 10:23 AM IST

Updated : Jul 1, 2019, 10:35 AM IST

কোকৰাঝাৰ,1 জুলাই : আৰক্ষীৰ জালত কোকৰাঝাৰৰ মুখীগাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডত জড়িত মূল অভিযুক্ত ৷ ধৃত অভিযুক্তগৰাকী কোকৰাঝাৰ জিলাৰ অন্তৰ্গত খেজুৰবাৰীৰ শোভানন্দ বৰ্মন ৷ মুখীগাঁৱৰ একেটা পৰিয়ালৰে তিনিজনকৈ লোকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ শোভানন্দ বৰ্মনৰ বিৰুদ্ধে ৷ এয়া এক প্ৰেমজনিত ঘটনাৰ পৰিণতি আছিল আৰু এই হত্যাকাণ্ডত অভিযুক্তই লোৰ ৰ’ড আৰু চুৰি ব্যৱহাৰ কৰিছিল ৷ ইপিনে,উক্ত হত্যাকাণ্ড সংঘটিত কৰা লোৰ ৰ’ডডাল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও হেল নদীত পেলাই দিয়া চুৰিখনৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ কথা উল্লেখ কৰে আৰক্ষীয়ে ৷

Intro:অৱশেষত আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হ’ল কোকৰাঝাৰৰ মুখীগাঁৱত যোৱা বুধবাৰে নিশা সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত৷Body:ধৃত অভিযুক্তগৰাকী কোকৰাঝাৰ জিলাৰ অন্তৰ্গত খেজুৰবাৰীৰ শোভানন্দ বৰ্মণ আৰু তেওঁৰ বয়স ২৪ বছৰ৷

যোৱা ২৬ জুনৰ নিশা মুখীগাঁৱৰ একেটা পৰিয়ালৰে তিনিজনকৈ লোকক নৃশংসভাৱে হত্যা কৰিছিল ধৃত অভিযুক্তগৰাকীয়ে৷

ঘটনাৰ তদন্ত বিচাৰি ফকিৰাগ্ৰাম আৰু কোকৰাঝাৰ আৰক্ষীয়ে শোধপোছৰ বাবে ধৃত শোভানন্দ বৰ্মনক আটক কৰাৰ পিছতেই তেখেতৰ বিস্ফোৰক স্বীকাৰোক্তিত দেওঁবাৰে পোহৰলৈ আহে এই সমস্ত ঘটনা৷

এই লোমহৰ্ষক ঘটনাৰ লগত জড়িত ধৃত শোভানন্দ বৰ্মন সম্বন্ধত মৰমীৰ মাহীয়েকৰ লৰা আছিল৷

আৰক্ষীয়ে জানিবলৈ মতে এয়া এক প্ৰেমজনিত ঘটনাৰ পৰিণতি আছিল আৰু এই হত্যাকাণ্ডত অভিযুক্তই লোৰ ৰোড আৰু চুৰি ব্যৱহাৰ কৰিছিল৷Conclusion:ইপিনে উক্ত হত্যাকাণ্ড সংঘটিত কৰা লোৰ ৰোডডাল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও হেল নদীত পেলাই দিয়া চুৰিখনৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ কথা উল্লেখ কৰিছে আৰক্ষীয়ে৷
Last Updated : Jul 1, 2019, 10:35 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.