ETV Bharat / state

3 ডিচেম্বৰৰ পৰা কোকৰাঝাৰত ভাৰত চৰকাৰৰ মিছন ইন্দ্ৰধনু 2.0 - মিছন ইন্দ্ৰধনু 2.0 টীকাকৰণ অভিযান

অসমতো শীঘ্ৰেই আৰম্ভ হ'ব ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ মিছন ইন্দ্ৰধনু 2.0 ৷ এই বিশেষ টীকাকৰণ অভিযান অহা 3 ডিচেম্বৰৰ পৰা কোকৰাঝাৰ জিলাত অনুষ্ঠিত কৰা হ'ব বুলি প্ৰকাশ কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে ৷

Mission Indradhanush 2.0, Health and Family Planning Department, Mission Indradhanush 2.0 Kokrajhar
কোকৰাঝাৰত ভাৰত চৰকাৰৰ মিছন ইন্দ্ৰধনু 2.0
author img

By

Published : Dec 1, 2019, 9:00 AM IST

কোকৰাঝাৰ, 1 ডিচেম্বৰঃ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগে সমগ্ৰ দেশতে আৰম্ভ কৰিব মিছন ইন্দ্ৰধনু নামে এক বিশেষ টীকাকৰণ কাৰ্যসূচী ৷ অহা 3 ডিচেম্বৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ব মিছন ইন্দ্ৰধনু 2.0 টীকাকৰণ অভিযান ৷ অসমৰ কোকৰাঝাৰ জিলাত 3 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব এই অভিযান ৷ জিলাখনৰ স্বাস্থ্য বিভাগে সংবাদমেলযোগে সদৰী কৰে এই কথা ৷

লগতে পঢ়কঃ সৰুসজাইত 'খেলো ইণ্ডিয়া 2020'ৰ বৰ্ণিল অনুষ্ঠান

কোকৰাঝাৰ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি, জন্মৰ পৰা 2 বছৰ বয়সৰ শিশুসকলক সামৰি লোৱা হ'ব এই টীকাকৰণ অভিযানত ৷ ইয়াৰ লগতে গৰ্ভৱতী মহিলাসকলকো এই আঁচনিত সামৰি লোৱা হ'ব ৷ জিলাখনৰ লাইমটি, দাৱৰাগাবনাই, লুংচুং অঞ্চলৰ প্ৰায় 1203 গৰাকী আশাকৰ্মীয়ে সম্পন্ন কৰিব এই অভিযান ৷ এই টীকাকৰণত প্ৰদান কৰিবলগীয়া প্ৰতিষেধক সম্পূৰ্ণ নিৰাপদ আৰু শিশুসকলৰ বাবে অতিকে জৰুৰী বুলি উল্লেখ কৰি সকলো অভিভাৱককে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে ৷

কোকৰাঝাৰ জিলা স্বাস্থ্য সমিতিৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জেহিৰুদ্দিন আহমেদে আঁত ধৰা সংবাদমেলখনত জিলা প্ৰতিষেধক বিষয়া ডাঃ অমল মাছাহাৰী, ডাঃ অনুভা দাস, ডাঃ আছাঁদুল্লা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ডিপিএম উত্তম কুমাৰ ব্ৰহ্ম উপস্থিত থাকে ।

লগতে পঢ়কঃ শিলচৰত অঘটন: চলন্ত ৰেলত ডেগাৰেৰে হানি-খুচি প্ৰাণ ল'লে এজনৰ

Intro:কোকৰাঝাৰ জিলাত অহা ৩ ডিচেম্বৰৰ পৰা আৰম্ভ হব মিছন ইন্দ্ৰধেনু ২.০

কোকৰাঝাৰ,৩০ নৱেম্বৰ:

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগে সমগ্ৰ দেশত অহা ৩ ডিচেম্বৰৰ পৰা মিছন ইন্দ্ৰধেনু নামৰ প্ৰতিষেধক দিয়া এক কাৰ্যসূচী হাতত লৈছে।এই হেতুকে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ সহযোগত আৰম্ভ কৰিছে মিছন ইন্দ্ৰধেনু।

Body:কোকৰাঝাৰ জিলাত অহা ৩ ডিচেম্বৰৰ পৰা এই কাৰ্যসূচী আৰম্ভ হব।এই টীকাকৰণ অভিযানত জিলাখনৰ জন্মৰ পৰা ০২ বছৰ বয়সৰ শিশু সকলক সামৰি লোৱা হব।তদুপৰি গৰ্ভৱতী মহিলা সকলকো এই কার্যসূচীত সামৰি লৈছে।আজি কোকৰাঝাৰ জিলা স্বাস্থ্য বিভাগে আয়োজিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে।এই কাৰ্যসূচীত এইবাৰজিলাখনৰ প্ৰান্তীয় অঞ্চল লাইমটি, দাৱৰাগাবনাই, লুংচুং অঞ্চলকো অন্তৰ্ভুক্ত কৰিছে।এই প্ৰতিষেধক কাৰ্যসূচীত মুঠ ১২০৩ গৰাকী আশাকৰ্মীকৰ্মীৰ দ্বাৰা স্বাস্থ্য বিভাগৰ সহযোগত প্ৰতিষেধক কাৰ্যসূচী সম্পন্ন কৰাৰ পৰিকল্পনা কৰা হৈছে।স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই প্ৰতিষেধক সম্পূৰ্ণ নিৰাপদ আৰু শিশুৰ বাবে অতি জৰুৰী বুলি উল্লেখ কৰি সকলো অভিভাৱকক সহযোগিতা কৰিবলৈ আহবান জনাইছে।
Conclusion:উল্লেখযোগ্য যে কোকৰাঝাৰ জিলা স্বাস্থ্য সমিতিৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ জেহিৰুদ্দিন আহমেদে আঁত ধৰা সংবাদমেল খনত জিলা প্ৰতিষেধক বিষয়া ডঃ অমল মাছাহাৰী,ডঃ অনুভা দাস, ডঃ আছাঁদুল্লা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ডিপিএম উত্তম কুমাৰ ব্ৰহ্ম উপস্থিত থাকে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.