ETV Bharat / state

লাভলীনাৰ সফলতা কামনাৰে কোকৰাঝাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা - বিটিআৰৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়ো

বিটিআৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (SAI) অনুষ্ঠিত হোৱা সৰ্বধৰ্মীয় প্ৰাৰ্থনাত হিন্দু,মুছলমান আৰু খ্ৰীষ্টান ধৰ্মৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে । সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত বিভিন্ন ধৰ্মৰ লোকসকলে নিজ নিজ ধৰ্মৰ পদ্ধতি আৰু নিয়ম অনুসৰি অসম কন্যা লাভলীনাৰ সফলতা কামনা কৰি প্ৰাৰ্থনা কৰা দেখা যায় ।

Mass Religious Prayer
লাভলীনাৰ সফলতা কামনাৰে কোকৰাঝাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা
author img

By

Published : Aug 3, 2021, 6:29 PM IST

কোকৰাঝাৰ, ৩ আগষ্ট : অলিম্পিকত (Olympic) অসম কন্যা লাভলীনা বৰগোঁহাইৰ (Lovlina Borgohain) লগতে অলিম্পিকত যোগদান কৰা আন ভাৰতীয় খেলুৱৈ সকলৰ সফলতা কামনা কৰি মঙলবাৰে কোকৰাঝাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় । বিটিআৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (SAI) অনুষ্ঠিত হোৱা সৰ্বধৰ্মীয় প্ৰাৰ্থনাত হিন্দু,মুছলমান, খ্ৰীষ্টান আদি কেইবাটাও ধৰ্মৰ দলে অংশগ্ৰহণ কৰে । সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত বিভিন্ন ধৰ্মৰ লোকসকলে নিজ নিজ ধৰ্মৰ পদ্ধতি আৰু নিয়ম অনুসৰি অসম কন্যা লাভলীনাৰ সফলতা কামনা কৰি প্ৰাৰ্থনা কৰা দেখা যায় ।

লাভলীনাৰ সফলতা কামনাৰে কোকৰাঝাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা

বিটিআৰৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োই অসম কন্যা লাভলীনাই যাতে স্বৰ্ণপদক লাভ কৰিব পাৰে তাৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে বুলি সদৰী কৰি অলিম্পিকলৈ যোৱা ভাৰতীয় দলৰ সকলো খেলুৱৈৰ সফলতা কামনা কৰে । উল্লেখ্যে যে, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ পূৰ্বে অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত (Lailapur) শ্বহীদ হোৱা অসম আৰক্ষী জোৱানসকলৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবে , বিটিআৰৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়ো , যুৱ আৰু ক্ৰীড়া কল্যাণ বিভাগৰ বিভাগীয় মুৰব্বী বিষয়া যষ্ণাৱতী মহিলাৰীকে ধৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

ইফালে সংবাদমাধ্যমৰ আগত বিটিআৰৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োই কয় যে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে যাতে সোণৰ পদক লাভ কৰিব পাৰে, তাৰ বাবে বিভিন্ন ধৰ্মাৱলম্বীৰ আঠটাকৈ দলে কোকৰাঝাৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় । বিটিআৰৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োই আশা প্ৰকাশ কৰি কয় যে লাভলীনাই স্বৰ্ণ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিব ।

আনফালে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই লাভলীনাৰ সফলতা কামনা কৰি কয় যে লাভলীনা যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হোৱা উচিত । প্ৰতিভা আৰু মনোবলেৰে কেনেদেৰে শীৰ্ষ স্থানলৈ যাব পাৰি সেই ক্ষেত্ৰত লাভলীনা উৎকৃষ্ট উদাহৰণ বুলিও তেওঁ মন্তব্য কৰে । আৰক্ষী অধীক্ষক গৰাকীয়ে অসম মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষীৰ বীৰত্বক প্ৰশংসা কৰাৰ লগতে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক :গাভৰু নৈৰ বলুকা ৰাশিত জিলিকিছে লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.