কোকৰাঝাৰ, 6 আগষ্ট : কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পাটগাঁও অঞ্চলত এগৰাকী শিক্ষাৰ্থীক ভুৱা পৰিচয়ৰে প্ৰেমত পেলাই বহিঃৰাজ্যত নি বিক্ৰি কৰিলে এজন যুৱকে ৷ বঙাইগাঁও জিলাৰ জগীগোফা কৰাইটৰা গাওৰ বাসিন্দা জীৱন আলী উৰফে জেহেৰ উদ্দীন শেখ নামৰ যুৱকজনে নিজকে ৰাজু দাস বুলি পৰিচয় দি পাটগাও অঞ্চলৰ এগৰাকী শিক্ষাৰ্থীক প্ৰেমৰ জালত পেলাই যোৱা ৩১ জুলাইত পশ্চিম বংগৰ চিলিগুৰীত ইলাহি শেক নামৰ মানুহক বিক্ৰী কৰে ৷ উক্ত দিনাই যুৱতীৰ পৰিয়ালে পাটগাও আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ । যাৰ পাছতেই পাটগাও আৰক্ষী চকীত ৰুজু কৰা গোচৰ নং ৪৯/২০২০ ইউ এছ ৩৬৬ৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে পশ্চিমবংগৰ আৰক্ষীৰ সহযোগত পশ্চিম বংগৰ চিলিগুৰী পৰা যুৱতীগৰাকীক বুধবাৰে নিশা উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ মূল অভিযুক্ত জীৱন আলী উৰ্ফে জেহেৰ উদ্দীন শেখ আৰু যুৱতীগৰাকীক ক্ৰয় কৰা গ্ৰাহক ইলাহি শেখক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।
উল্লেখ যে, পাটগাঁওত বিদ্যুৎ পৰিৱাহী তাঁৰ মেৰামতিৰ কামত মিষ্ট্ৰী হিচাপে কাম কৰি আছিল অভিযুক্ত যুৱকজনে । এই ঘটনা পোহৰলৈ অহাৰ পাছতেই আক্ৰাছু আৰু স্থানীয় লোকে দোষীক উচিত শাস্তি বিহিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক : এখন ঐতিহাসিক ৰাষ্ট্ৰীয় পতাকা আৰু ইয়াৰ ইতিহাস