ETV Bharat / state

অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত কোকৰাঝাৰ

author img

By

Published : Aug 1, 2019, 12:39 AM IST

Updated : Aug 1, 2019, 7:36 AM IST

অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত কোকৰাঝাৰ ৷ কুঁৱা এটাক আৰম্ভ কৰিছে পূজা-অৰ্চনা , কুঁৱাৰ পানী খাই বেমাৰ আজাৰৰ পৰা মুক্ত হোৱাৰ বাসনা

অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত কোকৰাঝাৰ

কোকৰাঝাৰ, 31 জুলাই : কোকৰাঝাৰ আঠীয়াবাৰীৰ প্ৰেমনগৰত থকা এটা কুঁৱা ৷ কুঁৱাটোক পূজা-অৰ্চনা কৰি তাৰ পানী খাই বেমাৰৰ পৰা মুক্তি লাভৰ বাবে লানি নিছিগা সোঁত বৈছে অঞ্চলটোলৈ ৷ ইয়াকে কেন্দ্ৰ কৰি জিলাখনত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনাটো সৃষ্টি হৈছে কোকৰাঝাৰ সদৰ চহৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে আঠীয়াবাৰীৰ প্ৰেমনগৰত এটি সুঁতিৰ মাজত কুঁৱা এটাক কেন্দ্ৰ কৰি ৷ গাঁওবাসীয়ে খোৱাপানীৰ অভাৱ দুৰ কৰিবলৈ উক্ত কুঁৱাটো ১৯৯১ চনতে খান্দিছিল ৷ উক্ত কুৱাটোৰ পৰাই দীৰ্ঘদিন ধৰি পানী খায় আহিছিল গাঁওবাসীয়ে ৷ বাৰিষাৰ সময়ছোৱাত সুঁতিত পানী উপচি পৰা বাবে আন্ত:চাপৰ পৰিণতিতে হওঁক নাইবা কুঁৱাৰ ৰিঙৰ মাজত ফুটা থকাৰ পৰিণতিতে সুঁতিৰ পানী কুঁৱাত সোমাই সেয়া উপচি পৰি কুঁৱাৰ ওপৰেদি পানী ওলাই থাকে । গাঁওবাসীৰ বাবে এয়া তেনেই সাধাৰণ ঘটনা ৷ কিন্তু বাৰিষাৰ সময়ছোৱাত খোৱাপানীক লৈ চিন্তিত গাঁওবাসীয়ে খোৱাপানীৰ সমস্যাক লৈ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে হিতে বিপৰীত হ'ল ৷

অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত কোকৰাঝাৰ

উক্ত ঘটনাটোৰ দৃশ্য বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত আজৱ কুঁৱা চাবলৈ দুই এজনকৈ যোৱাৰ পিছত এতিয়া উক্ত ঠাইডোখৰ হৈ পৰিছে লোকে লোকাৰণ্য ৷ এয়া অলৌকিক ঘটনা বা অদৃশ্য শক্তিৰ মহিমা বিশ্বাস কৰি এচাম অন্ধবিশ্বাসী মানুহে কুঁৱাটোত আৰম্ভ কৰিছে পূজা অৰ্চনা ৷ লগতে টকা -পইচা আগবঢ়াই কুঁৱাৰ পানী খাই বেমাৰৰ পৰা আৰোগ্য হোৱাৰ কৰিছে কামনা ৷ তদুপৰি কুঁৱাটোৰ পানী পবিত্ৰ পানী বুলি বটলত ভৰাই লৈ গৈছে আত্মীয় সজ্জ্বনৰ বাবেও ৷ সম্প্ৰতি আৱৰ্জনাৰে দূষিত হৈ পৰিছে নিকা ঠাইডোখৰ । বৰ্তমানেও উক্ত কুঁৱাটো চাবলৈ দুৰ-দুৰণিৰ পৰা মানুহৰ ঘটি আছে অহৰহ সমাগম ৷ এই ঘটনাই আজিৰ সময়তো অন্ধবিশ্বাসত ডুবি থকা সমাজ ব্যৱস্থাকেই প্ৰতিফলিত কৰিছে ৷

Intro:অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত কোকৰাঝাৰ ।
নাদৰ পানী , নন্দীক গাখীৰ খুৱাই পাপ মোচন , বেমাৰ আজাৰৰ পৰা মুক্ত হোৱাৰ বাসনা ।

কোকৰাঝাৰ / ৩১ জুলাই :-অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি সম্প্ৰতি কোকৰাঝাৰ আঠীয়াবাৰীৰ প্ৰেমনগৰত থকা এটা কুৱাক পূজা-অৰ্চনা কৰি তাৰ পানী খাই বেমাৰৰ পৰা মুক্তি লাভৰ বাবে লানি নিছিগা সোঁত বোৱাক কেন্দ্ৰ কৰি জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰোপৰি বালাজান তিনালীৰ নিকটৰ এটা ব্যক্তিগত মন্দিৰত নন্দীক (শিৱলিঙ্গৰ সতে থকা গৰুৰ মূৰ্তি) চামুচেৰে গাখীৰ খুৱাই ভক্তগণে আন এক অন্ধবিশ্বাসৰ প্ৰতিচ্ছবি দাঙি ধৰিছে ।
Body:কোকৰাঝাৰ সদৰ চহৰৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে আঠীয়াবাৰীৰ প্ৰেমনগৰত এটি সুঁতিৰ মাজত কুৱা আছে । গাঁওৱাসীয়ে খোৱাপানীৰ অভাৱ দুৰ কৰিবলৈ উক্ত কুঁৱাটো ১৯৯১ চনতে খান্দিছিল । কুঁৱাৰ গভীৰতা ৯০ ফুট বুলি দাবী কৰা গাঁওৱাসীয়ে উক্ত কুৱাটোৰ পৰাই পানী খায় । বাৰিষাৰ সময়ছোৱাত সুঁতিত পানী উপচি পৰা বাবে আন্ত:চাপৰ পৰিণতিতে হওঁক নাইবা কুঁৱাৰ ৰিঙৰ মাজত ফুটা থকাৰ পৰিণতিতে সুঁতিৰ পানী কুঁৱাত সোমাই সেয়া ফোঁৱাৰাৰ দৰে উপচি পৰে । গাঁওৱাসীৰ বাবে এয়া তেনেই সাধাৰণ ঘটনা আৰু বাৰিষাৰ সময়ছোৱাত খোৱাপানীক লৈহে তেওঁলোক চিন্তিত যদিও খোৱাপানীৰ সমস্যাক লৈ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে হিতে বিপৰীত হে হ'ল । আজৱ কুঁৱা চাবলৈ দুই এজনকৈ যোৱাৰ পিছত এতিয়া উক্ত ঠাইডোখৰ লোকে লোকাৰণ্য হৈ পৰিছে । বহুতেই:পূজা অৰ্চনা কৰি পান তামোল , টকা -পইচা আগবঢ়াই কুঁৱাৰ পানী খাই বেমাৰৰ পৰা আৰোগ্য হোৱাৰ কামনা কৰিছে । তদুপৰি পবিত্ৰ পানী বুলি বটলত ভৰাই আত্মীয় সজ্জ্বনৰ বাবেও লৈ যোৱা দেখা গৈছে । নিকা ঠাইডোখৰ সম্প্ৰতি আৱৰ্জনাৰে দূষিত হৈ পৰাও দেখা গৈছে । বৰ্তমানলৈকে দুৰ দুৰণিৰ পৰা মানুহ আহিয়েই আছে ।
ইপিনে বালাজান তিনালীৰ সমীপৰ লালবচন ৰবি দাসৰ ব্যক্তিগত শিৱ মন্দিৰত থকা নন্দীৰ মূৰ্তিয়ে গাখীৰ খোৱাক কেন্দ্ৰ কৰি অন্ধবিশ্বাসী লোকসকলে চামুচেৰে গাখীৰ খুয়াবলৈ হেতাওপৰা লগাইছে । গণেশে গাখীৰ খোৱাৰ পিছত নন্দীয়ে গাখীৰ খোৱা কাৰ্য অন্ধবিশ্বাস বুলি মানিবলৈ টান পোৱা লোকসকলৰ মাজত প্ৰশাসনেও সজাগতা লোৱাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । যাৰ পৰিণতিতে কুৱাৰ পানী খাই বেমাৰ-আজাৰৰ পৰা মুক্ত হোৱা , নন্দীক গাখীৰ খুৱাই পুণ্য অৰ্জন কৰাৰ দৰে অন্ধবিশ্বাস দ্ৰুতগতিত বৃদ্ধি পাইছে । Conclusion:অন্ধবিশ্বাসৰ চুড়ান্ত ৰূপ ডাইনী হত্যাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছত হে প্ৰশাসনৰ গা লৰে যদিও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত নিমজ্জিত হোৱা একাংশ লোক কেতিয়াকে অন্ধৱিশ্বাসৰ পৰা মুক্ত হব সেয়া সময়হে উত্তৰ দিব ।
Last Updated : Aug 1, 2019, 7:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.