কোকৰাঝাৰ, 2 নৱেম্বৰঃ- কোকৰাঝাৰৰ ৰামফোৰবিলস্থিত লংগা স্লুইচ গেটত মঙলবাৰে জাতি, ধৰ্ম, বৰ্ণ আৰু লিংগ নিৰ্বিশেষে প্ৰায় পাঁচ সহস্ৰাধিক লোকে সামুহিক ভাৱে মাছ ধৰিবলৈ আহে ৷
ৰামফোৰবিল লংগা স্লুইচ গেটৰ পানী ভুটানৰ পৰা আহে আৰু মাছ ধৰিবলৈ স্লুইচ গেটৰ পাৰ্শৱৰ্তী অঞ্চলসমূহৰ পৰা আহি ভিৰ কৰে ৷ আনহাতে এই স্লুইচ গেটৰ পানীৰ জৰিয়তে ৰামফৰবিল, ছেৰফাংগুৰি, ডটমা, গোৱাবাৰী, হগোমাবিল, এংটিবিল, বানাৰগাঁও আদি অঞ্চলৰ সহস্ৰাধিক কৃষকে কৃষিক্ষেত্ৰত অধিক উৎপাদন কৰাৰ সুযোগ লাভ কৰিছে ৷ কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 25 কিমি দূৰত ৰামফোৰবিল লংগা সুইচ গেটখন অৱস্থিত ৷ শিশুৰ পৰা বৃদ্ধ বয়সলৈ সকলো শ্ৰেণীৰ লোকে আহি সুইচ গেটটো ঘেৰি ৰাখে ৷ সকলো শ্ৰেণীৰ লোকে মাছ ধৰাৰ সুযোগ লাভ কৰে আৰু প্ৰত্যেকে তেওঁলোকৰ মাছ বোৰ দেখুৱাই গৌৰৱেৰে বাহিৰলৈ ওলাই আহে ৷ তদুপৰি উক্ত ঠাইডোখৰ মাছ ধৰাৰ লগতে উপস্থিত লোকসকলে মনোৰঞ্জন লাভ কৰে ৷