কোকৰাঝাৰ, 4 জুলাইঃ
- কোকৰাঝাৰত কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা
- আৰক্ষী বিষয়াসহ তিনি কনিষ্টবল কৰ'ণাত আক্ৰান্ত
- ফকিৰাগ্ৰাম আৰক্ষী চকীত ASI সহ দুজন কনিষ্টবলৰ দেহত ধৰা পৰিছে কভিড19
- আক্ৰান্ত আৰক্ষী বিষয়াগৰাকী হৈছে ASI ৰামচৰণ দাস
- আন দুজন কনিষ্টবল হ'ল থবেন ব্ৰহ্ম আৰু প্ৰসেনজিত ৰায়
- কোকৰাঝাৰ আৰ এন বি কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তিনি আৰক্ষীক
- তিনিজন আৰক্ষীৰ সংস্পৰ্শলৈ অহা লোকক হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ
- কোকৰাঝাৰ চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ চাৱনিতো এজনৰ দেহত কোভিড পজিটিভ
- ইমৰান আলি নামৰ এজন চিপাহীৰ দেহত ধৰা পৰিছে কোভিড ১৯ পজিটিভ
- আক্ৰান্ত লোক কেইজনৰ কোনো এজনৰে নাই ভ্ৰমণ বৃত্তান্ত
- কোকৰাঝাৰত গণ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে ৰাইজ
লগতে চাওকঃ বোকাপানী দেখি স্বাৱ সংগ্ৰহ কৰিবলৈ ঘৰলৈ ন'গল স্বাস্থ্য কৰ্মী