ETV Bharat / state

অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ললে এডিজিপি এল আৰ বিঞ্চৈই - শীৰ্ষ আৰক্ষী বিষয়া

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাক মূহুৰ্তত শনিবাৰে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডৰ নিৰাপত্তা প্ৰস্তুতিৰ অগ্ৰগতি সম্পৰ্কে বুজ লবলৈ শনিবাৰে গ্ৰীণফিল্ডত উপস্থিত হয় এডিজিপি এল আৰ বিঞ্চৈ ৷ সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সমাপ্ত ৷

kjr-green-field-ready-to-well-come-amit-sah
অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ললে এডিজিপি এল আৰ বিঞ্চৈই
author img

By

Published : Jan 23, 2021, 10:33 PM IST

কোকৰাঝাৰ, 23 জানুুুৱাৰী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাক মূহুৰ্তত শনিবাৰে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডৰ নিৰাপত্তা প্ৰস্তুতিৰ অগ্ৰগতি সম্পৰ্কে বুজ লবলৈ শনিবাৰে গ্ৰীণফিল্ডত উপস্থিত হয় এডিজিপি এল আৰ বিঞ্চৈ ৷ বিগত বৰ্ষৰ 27 জানুৱাৰীত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কাইলৈ অৰ্থাৎ 24 জানুৱাৰীত বডোফা নগৰৰ গ্ৰীণ ফিল্ডত এক বিশাল জনসমাৱেশৰ আয়োজন কৰা হৈছে ৷ উক্ত জনসমাৱেশত উপস্থিত থাকিব দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷

kjr-green-field-ready-to-well-come-amit-sah
প্ৰস্তুতি প্ৰায় সমাপ্ত

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ পূৰ্বে বিটিআৰ প্ৰশাসনৰ উদ্যোগত ইতিমধ্যে গ্ৰীণফিল্ডত তৎপৰতাৰে সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ এনে তৎপৰতাৰ মাজতে শনিবাৰে ৰাজ্যৰ এডিজিপি ড°এল আৰ বিঞ্চৈ বডোফা নগৰৰ গ্ৰীণফিল্ডত উপস্থিত হৈ গৃহমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলী আৰু নিৰাপত্তাসহ আন বিভিন্ন দিশসমূহ পৰ্যবেক্ষণ কৰে ৷

এডিজিপি এল আৰ বিঞ্চৈৰ মন্তব্য

লগতে পঢ়ক : পদে পদে মৃত্যুৰ ক্ষণ গণিছে ধিং ছেক ক্ৰাফট কাগজ প্ৰকল্পই

সম্প্ৰতি কোকৰাঝাৰত বাহৰ পাতি থকা শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে সভাথলীৰ লগতে আন আন প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ পিচত সাংবাদিকৰ আগত কয় যে, গৃহমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি হেলিপেডৰ পৰা আৰম্ভ কৰি নিৰাপত্তামূলক ব্যৱস্থাৰ মাজেৰে এই সকলোবোৰ চোৱা-চিতা কৰি থকা হৈছে ৷

বিষয়া গৰাকীয়ে পৰিদৰ্শন কৰাৰ মুহূৰ্ত

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণ তথা সভাৰ দিনা সমগ্ৰ এলেকাটো 21 টা ছেক্টৰত বিভক্ত কৰা হৈছে ৷ চাৰিশটা চিচিটিভি সংস্থাপন কৰা হৈছে ৷ উল্লেখ্য যে, শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে নিৰাপত্তাৰ বাবে প্ৰায় দুহেজাৰ নিৰাপত্তাৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰী কৰে ৷ তদুপৰি ভিআইপি, ভিভিআইপি আৰু সভালৈ অহা সাধাৰণ ৰাইজে যাতে কোনো ধৰণৰ সমস্যাত পৰিবলগীয়া নহয়, তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, গৃহমন্ত্ৰীৰ জনসমাৱেশত তিনি লক্ষাধিক ৰাইজ উপস্থিত থাকিব বুলি ড° বিঞ্চৈয়ে জানিব দিয়ে ৷

লগতে পঢ়ক : গণৰাজ্য দিৱসৰ পূৰ্বে কাৰ্বি আংলঙত ইউ পি আৰ এফৰ তিনি কেডাৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.