ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থূনলাই নাৰ্জাৰীৰ আক্ষেপ চৰকাৰৰ প্ৰতি - জাহ যোৱাৰ উপক্ৰম

কোকৰাঝাৰ জিলাৰ দোতমা গিলাগুৰীৰ আন্তঃৰাষ্ট্ৰীয় স্বটফুট খেলুৱৈ থূনলাই নাৰ্জাৰী চীনত অনুষ্ঠিত বিশ্ব পুলিচ ফায়াৰ 2019 ত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত কিৰ্গীস্তানত অনুষ্ঠিত স্বটফুট প্ৰতিযোগিতাতো সোণৰ পদক আৰু ঝাৰখণ্ডত অনুষ্ঠিত "চাউট এছিয়ান জুনিয়ৰ এথলেটিক প্ৰতিযোগিতাতো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈ গৰাকীয়ে । বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদক অৰ্জন কৰা খেলুৱৈ গৰাকীয়ে অৱহেলিত হৈ আছে চৰকাৰৰ পৰা ৷

INTERNATIONAL PLAYER APPEAL TO ASSAM GOVERMENT
অসহায় থূনলাই নাৰ্জাৰী, চৰকাৰলৈ আহ্বান
author img

By

Published : Jul 27, 2020, 9:34 PM IST

কোকৰাঝাৰ, 27 জুলাই : দেশত কৰ'ণা মহামাৰী আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে পোহৰলৈ আহিছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ কৰুণ জীৱন গাঁথা ৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইটা পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুৱৈ গৰাকী বৰ্তমানেও যেন বঞ্চিত হৈ আছে চৰকাৰৰ কৃপাদৃষ্টিৰ পৰা ৷

আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থূনলাই নাৰ্জাৰীৰ চৰকাৰলৈ আহ্বান

কোকৰাঝাৰ জিলাৰ দোতমা গিলাগুৰীৰ আন্তঃৰাষ্ট্ৰীয় স্বটফুট খেলুৱৈ থূনলাই নাৰ্জাৰী চীনত অনুষ্ঠিত বিশ্ব পুলিচ ফায়াৰ 2019 ত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত কিৰ্গীস্তানত অনুষ্ঠিত স্বটফুট প্ৰতিযোগিতাতো সোণৰ পদক আৰু ঝাৰখণ্ডত অনুষ্ঠিত "চাউট এছিয়ান জুনিয়ৰ এথলেটিক প্ৰতিযোগিতাতো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈ গৰাকীয়ে ।

কিন্তু অতি পৰিতাপৰ বিষয় এয়াই যে,বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদক অৰ্জন কৰা খেলুৱৈ গৰাকী অৱহেলিত হৈ আছে চৰকাৰৰ পৰা ৷ আনকি,অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ বাট নাচাই খেলুৱৈ গৰাকীয়ে নিজৰ দক্ষতা প্ৰদৰ্শনেৰে 2015 চনত আইআৰবি এনত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল ।দুখীয়া পৰিয়ালৰ সন্তান থুনলাই নাৰ্জাৰী বৰ্তমান ২০ আইআৰএপিবিএনত 2015 চনতে নিযুক্তি লাভ কৰিছিল যদিও আজিলৈ পদোন্নতি হোৱা নাই খেলুৱৈ গৰাকীৰ । কিন্তু দুৰ্ভাগ্যজনকভাবে তিনিটাকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোনৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা খেলুৱৈ গৰাকীৰ পদোন্নতি নোহোৱাত এতিয়া চৰকাৰলৈ ক্ষোভ উজাৰিছে খেলুৱৈ গৰাকীয়ে ৷

আনহাতে,কৃষিৰ জৰিয়তে পৰিয়ালৰ ভোৰণ-পোষণৰ দায়িত্ব চলাই থকা খেলুৱৈ গৰাকীৰ পৰিয়ালত শেহতীয়াকৈ দেখা দিছে কিছুমান অনাকাংক্ষিত বিপদ ৷ মাত্ৰ 3 বিঘা মাটিৰ জৰিয়তে কৃষিকাৰ্য চলাই যোৱা পৰিয়ালটিৰ খেতি-মাটি লৌচা নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ যাৰ বাবে উপায়ন্তৰ হৈ খেলুৱৈ গৰাকীয়ে চৰকাৰ তথা খেল বিভাগলৈ উক্ত সমস্যা সন্দৰ্ভত উচিত সমাধানৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক : কৰ্ণাটকৰ বন মন্ত্ৰীও আক্ৰান্ত হৈছে ক'ৰণাত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.