কোকৰাঝাৰ,২৫মেঃ মাৰাত্মক কোভিড-১৯ মহামাৰীৰ আতংক আৰু লকডাউনৰ অব্যাহত থকাৰ বাবে এইবেলি অধিকাংশ ইছলামধৰ্মী লোকে ঘৰতে ঈদৰ নামাজ আদায় কৰিছে তেনে সময়তে সোমবাৰে হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ সদৰ চহৰৰ জামে মছজিদত ঈদৰ নামাজ আদায় কৰি বিশ্বশান্তি আৰু ভাতৃত্ববোধৰ বাবে প্ৰাৰ্থনা কৰে ।
ইপিনে লক ডাউনৰ সম্পূৰ্ণ নীতি নিয়ম মানি চলি পাঁচজন ব্যাক্তিৰে মুখত মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি ঈদৰ নামাজত অংশ লৈ বিটিচিৰ সকলো জাতি জনগোষ্ঠীয়ে পূৰ্বৰ দৰেই ভাতৃত্ববোধ আৰু মিলাপ্ৰীতিৰে বসৱাস কৰিব পাৰে তাৰ বাবেও আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰে ৷ হাগ্ৰামা মহিলাৰীৰ সতে বিপিএফৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীও অংশগ্ৰহণ কৰে ।
লগতে পঢ়কঃ ৰঙাজানত চেঁচা নৈৰ তাণ্ডৱ, হাহাকাৰ পৰিস্থিতি