কোকৰাঝাৰ,১০নৱেম্বৰঃ এসময়ত স্বজাতিৰ হকে দুহাতত অস্ত্ৰ-শস্ত্ৰ লৈ পাহাৰে-পৰ্বতে, হাবিয়ে-বননিয়ে,ৰ'দে-বৰষুণে সময় অতিবাহিত কৰিবলগীয়া হোৱা বড়ো লিবাৰেশন টাইগাৰ্ছ চমুকৈ বিএলটিৰ প্ৰাক্তন নেতা-কেডাৰ সকলৰ আজিৰ অৱস্থা অতি পুতৌ লগা হৈ পৰিছে ৷ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বিএলটিৰ মাজত সম্পাদিত হোৱা বিটিচি চুক্তিৰ পিছত অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা বিএলটিৰ নেতা-কেডাৰ সকলে পুনৰ সংস্থাপনক মুখ্য কৰি চৰকাৰৰ পৰা আন আন সা-সুবিধাসমূহ লাভ কৰিব বুলি আশা কৰিছিল যদিও মূৰকত একো নোহোৱাত একালৰ একাংশ প্ৰাক্তন বিএলটি নেতা-কেডাৰ সকলৰ মাজত তীব্ৰ অসন্তুষ্টি তথা নিজ দলৰ চৰকাৰৰ প্ৰতিয়েই বিৰুপ মন্তব্য প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে ৷ এনে অসন্তুষ্টিৰ বৰ্হি প্ৰকাশ ঘটাই মঙলবাৰে ইলাচীঝাৰত একাংশ প্ৰাক্তন বিএলটিয়ে আয়োজন কৰা বৈঠকখনে অকল হাগ্ৰামা মহিলাৰীয়েই নহয় ; বিপিএফ দলৰ প্ৰতিও আন এক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ৷
বৈঠকত উপস্থিত থকা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য, প্ৰাক্তন বিএলটি নেতা তথা হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত মনো কুমাৰ ব্ৰহ্ম ওৰফে জাইলা, ওদালগুৰিৰ জনীল দৈমাৰী আৰু বাগছাৰ প্ৰাক্তন বিএলটি নেতা মিথিছাৰ গয়াৰীয়ে সাংবাদিকৰ আগত প্ৰাক্তন বিএলটি নেতা-কেডাৰ সকলৰ বৰ্তমানৰ বৰ্ণনাতীত সমস্যা, দুখ-দুৰ্গতিৰ বিষয়ে বিৱৰি কয় ৷ নিজ হাতে গঢ়া নিজৰ পৰিষদীয় চৰকাৰ খনে বিএলটি সকলৰ আত্ম সংস্থাপন, পুনৰ সংস্থাপনসহ আন সমস্যাসমূহ সমাধান কৰিব বুলি আশা প্ৰকাশ কৰিছিল যদিও বিপিএফ দলে সোতৰ বছৰকাল বিটিচি পৰিষদীয় চৰকাৰ চলোৱাৰ পিচতো সমস্যাৰ সমাধান নকৰাৰ অভিযোগ উত্থাপন কৰে ৷ আনকি প্ৰাক্তন বিএলটি সকলৰ অৱস্থাৰো কোনো পৰিবৰ্তন নহ’ল বুলি ক্ষোভ প্ৰকাশ কৰে ৷
প্ৰাক্তন বিএলটি নেতা কেইগৰাকীয়ে মন্তব্য কৰে যে,সমগ্ৰ ৰাজ্যত ৩৩৬০ গৰাকী বিএলটি নেতা-কেডাৰ আছিল ৷ তাৰে কিছু সংখ্যকে বিভিন্ন কেন্দ্ৰীয় নিৰাপত্তা বাহিনী,অৰ্ধ-সামৰিক বাহিনী, কিছু সংখ্যকে ঠিকা, ব্যৱসায়-বাণিজ্য কৰি সংস্থাপনৰ পথ মুকলি কৰি লোৱাৰ পৰিৱৰ্তে আন কিছুমানে কোনো সংস্থাপনৰ বাট নাপাই হতাশাত ভূগি অকালত মৃত্যুক সাৱতি ল'ব লগীয়া হৈছে ৷ একাংশই আন কোনো উপায় নেপাই গাহৰি-মুৰ্গী মাংস,ঠেলা চলাই ,দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিব লগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে ৷বৰ্তমান আৰু দুহেজাৰ গৰাকী প্ৰাক্তন বিএলটি নেতা-কেডাৰ সকলে কোনো ধৰণৰ সা-সুবিধা নেপাই অতি কষ্টকৰ জীৱন-যাপন কৰি আছে ৷ তথাপি অতি আশ্চৰ্যজনকভাৱে প্ৰাক্তন বিএলটিৰ পুনৰ সংস্থাপনৰ বাবদ চৰকাৰৰ পৰা পাবলগীয়া সাত লাখ টকা আজিও লাভ নকৰিলে ৷ গতিকে প্ৰাক্তন বিএলটি নেতা-কেডাৰ সকলে মনে-প্ৰাণে কামনা কৰিছে সমস্যাৰ সমাধান হওঁক ৷ মঙলবাৰৰ বৈঠকত ৰাজনীতিৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই বুলি নেতাত্ৰয়ে জানিব দি আগন্তুক সময়ত প্ৰাক্তন বিএলটিৰ সমস্যা যি খন চৰকাৰে সমাধান কৰি দিব সেইখন চৰকাৰলৈ সমৰ্থন আগবঢ়োৱাৰ বাবে চিন্তা-চৰ্চা কৰা হ'ব বুলিও কয় ৷
ইয়াৰ উপৰি প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ নামৰ এটা সংগঠন আছে যদিও উক্ত কমিটিখনে বিএলটিৰ সমস্যা সমাধানকল্পে যিদৰে কাম কৰিব লাগিছিল তেনে দৰে নকৰিলে বুলি বৰ্তমানৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ নেতৃবৰ্গৰ প্ৰতি ক্ষোভ উজাৰি চলিত নৱেম্বৰ মাহতে পুৰণি কমিটিখন ভংগ কৰা হ'ব বুলি উল্লেখ কৰে ৷ সেই মৰ্মে নৱেম্বৰ মাহৰ ভিতৰত বাগছা জিলাৰ ককলাবাৰীত অনুষ্ঠিত হব লগীয়া বৈঠকখনতেই প্ৰাক্তন বিএলটি কল্যাণ পৰিষদখন ভংগ কৰি নতুন কমিটিখন গঠন কৰা হ'ব ৷
আনহাতে, প্ৰাক্তন বিএলটিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰোপৰি পৰ্যায়ক্ৰমে অসম চৰকাৰ,কেন্দ্ৰীয় চৰকাৰৰ ওচৰতো স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে আবেদন-নিবেদন জনোৱা হ'ব বুলি মঙলবাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ লক্ষণীয়ভাৱে বৈঠকত কোকৰাঝাৰ, চিৰাং, বাগছা আৰু ওদালগুৰি জিলাৰ পৰা অহা ডেৰ শতাধিক প্ৰাক্তন বিএলটি নেতা-কেডাৰে অংশ গ্ৰহণ কৰে ৷ প্ৰণিধানযোগ্য যে, মঙলবাৰৰ বৈঠকত দেখা দিয়া প্ৰাক্তন বিএলটিৰ অসন্তুষ্টি , বিদ্ৰোহৰ ফলত হাগ্ৰামা বাহিনী যে পৰিষদীয় নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব আৰু প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ খন দুভাগত বিভাজিত হোৱাৰ স্পষ্ট ইংগিত বহন কৰা পৰিলক্ষিত হৈছে ৷