কোকৰাঝাৰ,17 ছেপ্তেম্বৰ: বিপিএফৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰেক্ষাগৃহ মুকলি আৰু দলীয় যোগদান কাৰ্যসূচীৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ৷ মহিলাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হাগ্ৰামা অডিট’ৰিয়াম নামৰ প্ৰেক্ষাগৃহটো ৷ নৱ উন্মোচিত প্ৰেক্ষাগৃহতে বিপিএফত যোগদান কৰে বিভিন্ন দলৰ পৰা অহা শতাধিক নেতা-কৰ্মীয়ে ৷ প্ৰাক্তন বিটিচি প্ৰধানগৰাকীয়ে অন্যতম ৰাজনৈতিক দল ইউপিপিএল-ৰ সভাপতি প্ৰমোদ বড়োক ঠগবাজ আখ্যাৰে কঠোৰ সমালোচনা কৰি বড়োৱে কাৰো কাৰণে কাম নকৰে বুলি মন্তব্য কৰে ৷
বড়োলেণ্ড আন্দোলনৰ নামত প্ৰমোদ বড়োৱে হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰি এনআৰচি-ৰ সময়তো মুছলমান আৰু বঙালী সম্প্ৰদায়ৰ বহু লোকৰ নাম তালিকাৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা চলাইছিল ৷ পৰৱৰ্তী সময়ত বিপিএফ দলেই বিটিচিত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰি বিটিচিত বিপিএফৰ বিকল্প নাই বুলি দাবী কৰে মহিলাৰীয়ে ৷
ইপিনে অক্টোবৰ মাহত অন্ত পৰিব বিটিচিত অব্যাহত থকা ৰাজ্যপালৰ শাসন ৷ সেয়ে অক্টোবৰৰ ভিতৰতে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপন কৰিছে মহিলাৰীয়ে ৷ ৰাজ্যপাল শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰিলে বিটিচি শেষ হৈ যাব বুলি দাবী কৰি ৰাজ্যপাল শাসনৰ বিৰোধিতা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ উক্ত সভাতে নৱতম ৰাজনৈতিক দল অসম জাতীয় পৰিষদক স্বাগতম জনাই গণতন্দ্ৰত সকলোৰে সম অধিকাৰ থকা বুলি প্ৰকাশ কৰে প্ৰাক্তন বিটিচি প্ৰধান মহিলাৰীয়ে ৷
লগতে চাওকঃ সমূহীয়া মৎস্য চিকাৰত ব্যস্ত মৰিগাঁওবাসী