ETV Bharat / state

গোঁসাইগাঁৱত নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰসহ যুৱতী উদ্ধাৰ - নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ

বুধবাৰে গোঁসাইগাঁৱত নাৰী সৰবৰাহকাৰীসহ এগৰাকী যুৱতীক উদ্ধাৰ আৰক্ষীৰ ৷ সৰবৰাহকাৰী কেইজনে পূৰ্নিয়াৰ পৰা ফেচবুকযোগে পৰিচয় হোৱা ৰাভা সম্প্ৰদায়ৰ যুৱতী গৰাকীক ফুচুলাই বিহাৰলৈ লৈ যোৱা পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী কেইজনে ৷

Girl trafficking in Gossaigaon
গোঁসাইগাঁৱত নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰসহ যুৱতী উদ্ধাৰ
author img

By

Published : Oct 15, 2020, 2:24 PM IST

গোঁসাইগাঁও,15 অক্টোবৰ: কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণ্টুৰাম বৰাৰ নেতূত্বত গোসাইগাঁও সদৰ চহৰৰ সমীপৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ সাপট দলঙৰ ওচৰত থকা আৰক্ষীৰ নাকা তলাচীত এক নাৰী সৰবৰাহকাৰী চক্ৰ গ্ৰেপ্তাৰৰ লগতে চক্ৰটোৰ কৱলৰ পৰা এগৰাকী যুৱতীক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

আটকাধীন কেইজন ক্ৰমে ৰোহিত কুমাৰ,ৰাজীৱ কুমাৰ,পিংকি দেৱী আৰু আছমানি বৈটা ৷ তেওঁলোক বিহাৰৰ পূৰ্নিয়া জিলাৰ বাসিন্দা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ পূৰ্নিয়াৰ পৰা ফেচবুকযোগে পৰিচয় হোৱা ৰাভা সম্প্ৰদায়ৰ যুৱতী গৰাকীক ফুচুলাই বিহাৰলৈ লৈ যোৱা পৰিকল্পনা কৰা হৈছিল ৷

গোঁসাইগাঁৱত নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰসহ যুৱতী উদ্ধাৰ

আৰক্ষীয়ে সদৰি কৰা মতে,বুধবাৰে BR-11-PB-2156 নম্বৰৰ এখন স্কৰপিঅ’ বাহনত এগৰাকী যুৱতী আৰু তিনিজন যুৱক বংগ অভিমুখে যোৱা সময়তে গোঁসাইগাঁও থানাৰ আৰক্ষীয়ে সন্দেহবশতঃ বাহনখন ৰখাই সোধ-পোচ কৰাত জোলোঙাৰ মেকুৰিটো ওলাই পৰে ৷ ইতিমধ্য়ে যুৱতী গৰাকীৰ পৰিয়ালক খবৰ দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ডিগবৈত বন্যহস্তীয়ে গচকি প্ৰাণ ল’লে অইলৰ কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.