ETV Bharat / state

কোকৰাঝাৰত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট - GARIA MARIA PARISHAD PROTEST NEWS

গৰিয়া-মৰিয়া-দেশী লোকসকলক চিনাক্ত কৰি ডি ভোটাৰ মুক্ত কৰাৰ দাবীৰে কোকৰাঝাৰত অৱস্থান ধৰ্মঘট

গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট
author img

By

Published : Oct 24, 2019, 9:08 PM IST

কোকৰাঝাৰ,24 অক্টোবৰঃ কোকৰাঝাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে গৰিয়া- মৰিয়া-দেশী জাতীয় পৰিষদৰ সদস্যসকলে ৷ গৰিয়া মৰিয়া-দেশী লোক সকলক চিনাক্ত কৰি ডি ভোটাৰ মুক্ত কৰাৰ দাবীৰে দলটোৱে গ্ৰহণ কৰে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী । এন আৰ চিত নাম বাদ পৰা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীয় লোকসকলক এফ টি কোৰ্টত নোযোৱাকৈ বিনাচৰ্তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তি, গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ বাবে সুকীয়া জৰীপ কাৰ্য আৰম্ভ কৰাৰ আৰু ডি ভোটাৰ মুক্ত কৰাৰ দাবীত কোকৰাঝাৰ চহৰত থকা শিশু উদ্যানত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে । গৰিয়া- মৰিয়া-দেশী জাতীয় পৰিষদ কোকৰাঝাৰ জিলা আৰু গোঁসাইগাঁও আঞ্চলিক সমিতিৰ অধীনত ৰূপায়ণ কৰা এই ধৰ্মঘটত গৰিয়া- মৰিয়া-দেশী জাতীয়ৰ লোকে অংশগ্ৰহণ কৰি প্লে কাৰ্ড, বেনাৰলৈ পৰিৱেশ উত্তাল কৰে ।

গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট

গৰিয়া- মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মুজিবৰ ৰহমানে সাংবাদিকৰ আগত কয় যে, গৰিয়া- মৰিয়া-দেশী পৰিষদ অসমৰে এক খিলঞ্জীয়া জনগোষ্ঠী হোৱা স্বত্তেও ৰাজ্যত প্ৰায় ৫০ হেজাৰ লগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ পৰা বাদ পৰিছে । লগতে চৰকাৰৰ ইচ্ছাধাৰী মনৰ বাবে বাদ পৰিব লগা হ'ল বুলিও অভিযোগ তোলে ।

লগতে পঢ়কঃ জালুকবাৰী বিধানসভা সমষ্টিত হিমন্ত বিশ্ব শৰ্মা সহিতে কুইন ওজাৰ "গান্ধী সংকল্প যাত্ৰা "

Intro:কোকৰাঝাৰত গৰিয়া- মৰিয়া-দেসী জাতীয় পৰিষদৰ তিনি ঘন্তীয়া অৱস্থান ধৰ্মঘট : গৰিয়া- মৰিয়া-দেসী লোক সকলক চিনাক্ত কৰি ডি ভোটাৰ মুক্ত কৰাৰ দাবী।

NRC ত বাদ পৰা গৰিয়া-মৰিয়া দেশী জনগোষ্টীয় সকলক FT কোৰ্টত নোযোৱাকৈ বিনাসৰ্থে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ত নাম অন্তৰভৰ্তি, গৰিয়া-মৰিয়া দেশী জনগোষ্টীৰ বাবে সুকীয়া জৰীপ কাৰ্য্য আৰম্ভ কৰাৰ আৰু ডি ভোটাৰ মুক্ত কৰাৰ দাবীত কোকৰাঝাৰ চহৰত থকা শিশু উদ্যানত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে তিনি ঘন্তীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে।

Body:গৰিয়া- মৰিয়া-দেসী জাতীয় পৰিষদ কোকৰাঝাৰ জিলা আৰু গোঁসাইগাঁও আঞ্চলিক সমিতিৰ অধীনত ৰূপায়ণ কৰা এই ধৰ্মঘটত গৰিয়া- মৰিয়া-দেসী জাতীয়ৰ লোকে অংশগ্ৰহণ কৰি প্লেকাৰত, বেনাৰলৈ উত্তাল কৰে।

গৰিয়া- মৰিয়া-দেসী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মুজিবৰ ৰহমানে সাংবাদিকৰ আগত কৈযে গৰিয়া- মৰিয়া-দেসীয়ে অসমৰে এক খিলঞ্জীয়া জনগোষ্টী স্বত্তেও ৰাজ্যত প্ৰায় ৫০ হেজাৰ লগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ পৰা বাদ পৰিছে। চৰকাৰৰ ইচ্ছাধাৰী মনৰ বাবে বাদ পৰিবলগা হল বুলি অভিযোগ তোলে। Conclusion:প্ৰতীক হাজেলাক বদলি কৰাৰও চৰকাৰ সৰুযন্ত্ৰহে বুলি উল্লেখ কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.