কোকৰাঝাৰ, ২২ মে’: কোকৰাঝাৰ জিলাত ক’ভিড-19ৰ ভয়াবহ সংক্ৰমণৰ সমান্তৰালভাৱে ক’ৰণাত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে ৷ জিলা খনত শনিবাৰে অৰ্থাৎ আজি একেদিনাই চাৰিগৰাকী লোক ক’ৰণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ।
ক’ৰণাত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা ব্যক্তি কেইগৰাকী ক্ৰমে, কোকৰাঝাৰ চহৰৰ শান্তি নগৰৰ জে ডি ৰোডৰ শংকৰ চৌহান (72) , শান্তিনগৰৰ সুভাষ অধিকাৰী (58), জিলাখনৰে ফকিৰাগ্ৰামৰ প্ৰেম কৃষ্ণ (63) আৰু বালাজান তিনালীৰ ধনশ্ৰী ব্ৰহ্ম (28) । ইয়াৰে ফকিৰাগ্ৰামৰ প্ৰেম কৃষ্ণক কোকৰাঝাৰ চহৰৰ এমআৰএম চিকিৎসালয়লৈ পৰিয়ালৰ লোকে আনিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
ইপিনে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড° এ এছ শৰ্মাই সদৰী কৰা মতে, ইয়াৰে ধনশ্ৰী ব্ৰহ্ম (28)ক শনিবাৰে বিয়লি অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ ক’ভিড পজিটিভ ৰোগী গৰাকী ভৰ্তি হোৱাৰ কিছু সময় পিছত অৰ্থাৎ সন্ধিয়া ৬ বজাত ইহলীলা সম্বৰণ কৰে ।
উল্লেখযোগ্য যে, বিগত পাঁচৰ পৰা ছদিন ধৰি ধনশ্ৰী ব্ৰহ্ম ঘৰতে আছিল আৰু আজি উশাহ ল’বলৈ কষ্ট পোৱাৰ পিছতহে ধনশ্ৰীক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত্যুমুখত পৰে ।
একেদৰে কোকৰাঝাৰ জিলাত আজিৰ অৰ্থাৎ শনিবাৰৰ দিনটোত 97 গৰাকী লোক ক’ৰণাত আক্ৰান্ত হৈছে । জিলাখনত সক্ৰিয় কৰ’ণা আক্ৰান্তৰ সংখ্যা 538 গৰাকী আৰু ইয়াৰে 122 গৰাকী লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে ।
লগতে পঢ়কঃ তেজপুৰ ঐতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত বুঢ়া লুইতৰ