ETV Bharat / state

কোকৰাঝাৰত উদযাপিত হ'ল ইউপিপিএলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

বুধবাৰে কোকৰাঝাৰ জিলাৰ মুখ্য কাৰ্যালয়ত ইউ পি পি এলে আয়োজন কৰে দলৰ পঞ্চম বাৰ্ষিক প্ৰতিস্থা দিৱস । মহামাৰী ক'ৰণাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাক অনুসৰণ কৰি দলৰ কৰ্মকৰ্তা সকলে অনুষ্টুপীয়াকৈ আয়োজন কৰিলে প্ৰতিস্থা দিৱসৰ কাৰ্যসূচী ।

author img

By

Published : Aug 5, 2020, 9:56 PM IST

fifth annual foundation day of uppl
কোকৰাঝাৰত উদযাপিত হ'ল ইউপিপিএলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

কোকৰাঝাৰ,৫ আগষ্ট: দলৰ পঞ্চম বাৰ্ষিক প্ৰতিস্থা দিৱসৰ কাৰ্যসূচীত ভাগ ল'লে দুগৰাকীকৈ উপ সভাপতিৰ লগতে ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মকে আদি কৰি বহুকেইগৰাকী দলীয় নেতাই ।

বুধবাৰে আয়োজিত প্ৰতিস্থা দিৱসৰ দলীয় পতাকা উত্তোলন কৰে ইউপিপিএলৰ উপ-সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে । ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰিলে দলৰ আন গৰাকী উপ সভাপতি মইনুল হ'কে । মহামাৰী ক'ৰণাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাক অনুসৰণ কৰি দলৰ কৰ্মকৰ্তা সকলে অনুষ্টুপীয়াকৈ আয়োজন কৰিলে প্ৰতিস্থা দিৱসৰ এই কাৰ্যসূচী ।

প্ৰতিস্থা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুস্থানত অংশ গ্ৰহণ কৰি দলৰ উপ সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে কয় যে, আগন্তক নিৰ্বাচনত বিটিচিত সংখ্যাগৰিষ্ঠতা লাভ কৰি ইউপিপিএলে গঠন কৰিব চৰকাৰ । এইবাৰৰ নিৰ্বাচনত বিটিচিত ইউপিপিএলে ৩০ৰ পৰা ৩৫খন আসন লাভ কৰি একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিলে ইউপিপিএলৰ উপ সভাপতি গৰাকীয়ে ।

বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা সন্দৰ্ভত সুধা আন এক প্ৰশ্নৰ উত্তৰত উপ সভাপতি গৰাকীয়ে অতি কৌশলৰে মন্তব্য প্ৰদান কৰি ক'লে, এয়া এক ৰাজনৈতিক অপপ্ৰচাৰহে ।

ইউপিপিএলৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই দলটোক বিটিচিৰ সকলো শ্ৰেণীৰ ৰাইজে আঁকোৱালি লোৱা কাৰ্যক জনালে কৃতজ্ঞতা ।

লগতে ৰাম মন্দিৰৰ নিৰ্মাণ স্থলীত আয়োজিত ভূমি পূজন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত নেতা গৰাকীয়ে ক'লে, মই আশা কৰিম এতিয়াৰে পৰা সকলো ধৰ্মীয় বিবাদৰ অন্ত পৰক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.