কোকৰাঝাৰ,২৫ এপ্ৰিল: ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কোকৰাঝাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ ৷ জিলাখনৰ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, শেহতীয়াকৈ অৰ্থাৎ শনিবাৰে ২১ জনৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি । ফলত জিলাখনত আক্ৰান্তৰ সংখ্যা ১৫৮ জনলৈ বৃদ্ধি পাইছে ।
উল্লেখ্য যে, শনিবাৰে জিলাখনৰ বিভিন্ন চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰত ১,০৪৭ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে ২১ গৰাকীৰ দেহত ক’ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰে ৷ আনহাতে, জিলাখনত ১৫৮ গৰাকী আক্ৰান্তৰ ভিতৰত ১১ জনে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১৪৬ জন হোম আইছলেচনত আছে ৷