ETV Bharat / state

কৰ'ণাৰ গণ সংক্ৰমণৰ দিশে কোকৰাঝাৰ জিলা

author img

By

Published : Jul 31, 2020, 8:30 PM IST

শুকুৰবাৰৰ দিনা কোকৰাঝাৰ জিলাত নতুনকৈ 18 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ যাৰ বাবে জিলাখনৰ 4 টা অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ চহৰখনৰ শান্তি নগৰৰ একেটা পৰিয়ালৰ আটাইকেইজন সদস্য কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচতে ৰবীন্দ্ৰ নগৰ,গৌড় নগৰ,গোসাইগাঁও চহৰক প্ৰশাসনে কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷

CORONA COMMUNITY SPREAD IN ASSAM KOKRAJHAR DISTRICT
কৰ'ণাৰ গণ সংক্ৰমণৰ দিশে কোকৰাঝাৰ জিলা

কোকৰাঝাৰ, 31 জুলাই : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰতিখন জিলাত স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই গণ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে কোকৰাঝাৰ জিলাতো কৰ'ণাই এক প্ৰকাৰৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷

কৰ'ণাৰ গণ সংক্ৰমণৰ দিশে কোকৰাঝাৰ জিলা

শুকুৰবাৰৰ দিনা কোকৰাঝাৰ জিলাত নতুনকৈ 18 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ যাৰ বাবে জিলাখনৰ 4 টা অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ চহৰখনৰ শান্তি নগৰৰ একেটা পৰিয়ালৰ আটাইকেইজন সদস্য কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচতে ৰবীন্দ্ৰ নগৰ, গৌড় নগৰ, গোসাইগাঁও চহৰক প্ৰশাসনে কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷

আনহাতে, প্ৰতিদিনে বৃদ্ধি পাই অহা ৰোগীৰ বাবে বৰ্তমান জিলাখনত আছুতীয়া বিচনাৰ অভাৱ হোৱা দেখা পোৱা গৈছে ৷ যাৰবাবে দেৱৰগাঁওস্থিত নাৰ্ছিং ট্ৰেইনিং কলেজত নতুনকৈ 9 টা ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে ৷

উল্লেখ্য যে,জিলাখনত বিগত 36 ঘন্টাত 150 গৰাকী লোক ভাইৰাছত আক্ৰান্ত হৈছে ৷ জিলাখনত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 500 অতিক্ৰম কৰিছে ৷

লগতে পঢ়ক : মাতৃভূমি পালেহি শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.