কোকৰাঝাৰ, 13 জুনঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশত গৰুৰ চোৰাং সৰবৰাহকাৰী আৰু চিণ্ডিকেটৰ বিৰুদ্ধে চলোৱা বিশেষ অভিযানত কোকৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা চাৰিটা চোৰাং সৰবৰাহকাৰীৰ লগতে জব্দ ১৯ টাকে গৰু ৷
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3551781_cow.jpg)
কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰা মতে গৰুৰ চোৰাং সৰবৰাহ সন্দৰ্ভত জিলাখনৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত ৰূপচী গাঁও নিৱাসী চাহেব আলি আৰু নায়েব আলিক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ৮ টা গৰু জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে বগৰীবাৰী থানা এলেকাৰ খোৰাঘাটৰ পৰাও ছলেমন আলি আৰু কেৰামত আলি নামৰ আন দুটা চোৰাং সৰবৰাহকাৰীক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ১১ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।