ETV Bharat / state

ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে গোচৰ ৰুজু - COVID-19

ইউপিপিএল তথা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে গোচৰ ৰুজু । কৰ'ণা ভাইৰাছৰ সময়ছোৱাত ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি বহুকেইজন ব্যক্তি গ্ৰেপ্তাৰ হোৱা সময়ছোৱাতে ভূল তথ্য বিয়পোৱাৰ অভিযোগ তুলি প্ৰমোদ বড়োৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰজু কৰে জনৈক সুলেমান নাৰ্জাৰীয়ে ।

প্ৰমোদ বড়ো
ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : Apr 8, 2020, 11:32 PM IST

কোকৰাঝাৰ, ৮ এপ্ৰিলঃ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰুজু । কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ সুৰেন্দ্ৰপুৰ নিৱাসী সুলেমান নাৰ্জাৰী নামৰ এজন লোকে দাখিল কৰিছে প্ৰমোদ বড়োৰ বিৰুদ্ধে গোচৰ ৷

প্ৰমোদ বড়ো
ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে গোচৰ ৰুজু

কোকৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰ গোচৰ নং ১৯২/২০২০ অনুসৰি, প্ৰমোদ বড়োই বিগত ৫ এপ্ৰিলত স্থানীয় সংবাদ মাধ্যমক ভাৰতত ৩০ হাজাৰ কৰ'ণা আক্ৰান্ত ৰোগী থকা বুলি ভুল তথ্য দাঙি ধৰিছিল । যি সময়ত COVID-19 ক লৈ ভুল তথ্য, মন্তব্য প্ৰদান নকৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আহ্বান জনাই আহিছে তেনে সময়তে প্ৰমোদ বড়োই এনে মন্তব্য প্ৰকাশ কৰা বাবে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এজাহাৰ দাখিল কৰা বুলি মন্তব্য কৰে সুলেমান নাৰ্জাৰীয়ে । আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডাবিধি আইনৰ ধাৰা ১৮২/৫০৫ মৰ্মে গোচৰৰ ভিত্তিত অনুসন্ধান অব্যাহত ৰাখিছে ।

ইপিনে, প্ৰমোদ বড়োই উক্ত মন্তব্য সন্দৰ্ভত দুখ প্ৰকাশ কৰি সেয়া নিত্যান্তই জিভা পিচল খোৱা এক ঘটনা আছিল বুলি মন্তব্য কৰে । সেয়েহে জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰি তেওঁ কয় যে, তিনি হাজাৰ বুলি কব বিচাৰিছিল যদিও জিভা পিচল খাই ভুলতে ৩০ হাজাৰ বুলি মুখেৰে ওলাল । ইতিমধ্যে প্ৰমোদ বড়োই উক্ত ঘটনা সন্দৰ্ভত ছ'চিয়েল মিডিয়াযোগে ক্ষমা বিচাৰে অসমবাসীক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.