কোকৰাঝাৰ,1 জানুৱাৰী: নৱবৰ্ষৰ প্ৰথমটো দিনতে বিটিআৰৰ কাৰ্যবাহী সদস্যসকলৰ মাজত দপ্তৰ বিতৰণ কৰিলে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ শুকুৰবাৰে বিটিআৰৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানৰ বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য সহ আঠগৰাকী কাৰ্যবাহী সদস্যৰ মাজত দপ্তৰসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৷ দপ্তৰসমূহ বিতৰণৰ পিছতেই বিটিচি চীফ গৰাকীয়ে সদলো সদস্যকে দপ্তৰসমূহ চমজি লৈ শনিবাৰৰ পৰা আটাইকে ৰাইজৰ হকে কাম কৰিবলৈ আহ্বান জনায় ৷
উল্লেখ্য যে,বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্যক পঞ্চায়ত গ্ৰামোন্নয়ন আৰু লঘু উদ্যোগ বিভাগ,কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক বনবিভাগ,উকিল মুছাহাৰীক জলসম্পদ বিভাগ,অৰূপ কুমাৰ দেক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ,দিগন্ত বৰুৱাক জলসিঞ্চন বিভাগ,গৌতম দাসক সমাজ কল্যাণ বিভাগ,ঘনশ্যাম দাসক কৃষি বিভাগ আৰু ৰনেন্দ্ৰ নাৰ্জাৰীক পৰিবহন বিভাগৰ দায়িত্ব প্ৰদান কৰা হয় ৷ শুকুৰবাৰৰ এই দপ্তৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে কাৰ্যবাহী সদস্য উকিল মুছাহাৰী আৰু অৰূপ কুমাৰ দে সহ বিটিচি সচিবালয়ৰ কেইবাগৰাকীয়ো শীৰ্ষ বিষয়া উপস্থিত থাকে ৷
লগতে পঢ়ক-আজিৰে পৰা পুনৰ কাৰ্যক্ষম হ’ল শিলঘাটস্থিত অসম সমবায় মৰাপাট কল