কোকৰাঝাৰ, 20 মে': ৰাজ্যপালৰ আগমনৰ প্ৰাকক্ষণত কোকৰাঝাৰ চহৰৰ আশে পাশে আৰু ৰাজপথত উৰি থকা বিপিএফৰ পতাকা সমূহ আঁতৰোৱাক লৈ কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়া ৷ এনেদৰে বিপিএফৰ পতাকা আঁতৰোৱা কাৰ্যৰ পাছতে বিপিএফ দলৰ নেতা কৰ্মীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সমগ্ৰ ঘটনাক গণতান্ত্ৰিক আখ্যা বিপিএফ দলৰ ৷
উল্লেখ্য যে, বিটিচিৰ শাসনভাৰ নিজ হাতত লোৱাৰ পিছত মংগলবাৰে প্ৰথমবাৰৰ বাবে বিটিচি সদৰ চহৰ কোকৰাঝাৰত উপস্থিত হৈছিল ৰাজ্যপাল জগদীশ মুখী ৷ চহৰ খনত উপস্থিত হৈয়ে পোনে পোনে কোকৰাঝাৰ বডৌফা নগৰত থকা বিটিচি সচিবালয়ত উপস্থিত হৈ বিটিএডিৰ ওপৰত এক বিষয়ে মেলত অংশগ্ৰহণ কৰিছিল ৰাজ্যপাল গৰাকীয়ে ৷ কিন্তু ৰাজ্যপালৰ ভ্ৰমণৰ প্ৰাকক্ষণত কোকৰাঝাৰ চহৰৰ আশে পাশে আৰু ৰাজপথ উৰিথকা বিপিএফৰ পতাকা সমূহ আতৰাই পেলাই প্ৰশাসনে ৷ এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় বিপিএফ দলৰ নেতা- সদস্য সকলৰ মাজত ৷ এনেদৰে বিপিএফৰ পতাকা আঁতৰ কৰা কাৰ্যই গণতান্ত্ৰিক অধিকাৰক কুঠাৰাঘাত কৰিছে বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিপিএফৰ জেষ্ঠ্য নেতা নীৰেন ৰায়ে ৷