কোকৰাঝাৰ ৭ জানুৱাৰী: বিটিআৰৰ সদৰ কোকৰাঝাৰত বিজেপিৰ অনুসূচিত জাতি মৰ্চাই বৃহস্পতিবাৰে এক বিশেষ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে । অনুসূচিত জাতিৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আচঁনিৰ বিষয়ে জনাবলৈ ঘৰে ঘৰে গৈ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰে মৰ্চাই । বিজেপিৰ এছ.চি মৰ্চাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিজেপিৰ এছ চি মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা এছ চি মৰ্চাৰ জিলা সভাপতি গোবিন্দ বৰ্মনৰ নেতৃত্বত মৰ্চাৰ সদস্য সকলে কোকৰাঝাৰ চহৰৰ এক নং ৱাৰ্ডত ঘৰে ঘৰে গৈ বিজেপি চৰকাৰে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰাৰ লগতে গোঁহাৰি পত্ৰ বিতৰণ কৰে ৷ কাৰ্যসূচীত বিজেপিৰ এছ চি মৰ্চাৰ কোকৰাঝাৰ জিলা সম্পাদক সুনীল দাস আৰু বিজেপিৰ জিলা উপ সভাপতি সঞ্জীৱ পালৰ উপৰিও বিজেপিৰ বহু নেতা কৰ্মী উপস্থিত থাকে ৷
লগতে পঢ়ক :নাৰায়ণপুৰত কংগ্ৰেছৰ জোৰ সমদল