কোকৰাঝাৰ,7 আগষ্ট: শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ জিলাখনৰ শিমূলটাপু আৰক্ষী চকীৰ অন্তৰ্গত অসম-বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰৰ ৩১(গ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই সুৰাখিনি জব্দ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন দৈমাৰীৰ নেতৃত্বত চলা এই অভিযানত জব্দ কৰা হয় অৰুণাচলী সুৰাখিনি । আৰক্ষীয়ে উক্ত সুৰা কঢ়িয়াই অনা ইউপি 21 চিএন 9333 নম্বৰৰ এখন ট্ৰাকো ঘটনা সন্দৰ্ভত জব্দ কৰে ৷ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি সুৰা মাফিয়াই কৌশলেৰে ছশতকৈ অধিক সুৰা ভৰ্তি কাৰ্টুন অৰুণাচলৰ পৰা অবৈধভাৱে পশ্চিমবংগৰ দুৰ্গাপুৰলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাওতে আৰক্ষীৰ হাতত জব্দ হয় ট্ৰাকখন ৷
আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে মহম্মদ ছেলিম আৰু মহম্মদ জুবেদক আটক কৰি অব্যাহত ৰাখিছে সোধ-পোচ ৷ আটকাধীন দুয়োগৰাকী ব্যক্তি উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ পাগোৰাৰ বাসিন্দা বুলি জানিবলৈ পোৱা গৈছে । কোকৰাঝাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলাইছিল উক্ত অভিযান ৷
লগতে চাওকঃ ওৰাঙত গ্ৰেপ্তাৰ 3 জনকৈ অভিযুক্ত হৰিণা চিকাৰী