ETV Bharat / state

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উদ্যোগত দুখন অত্যাধুনিক এম্বুলেন্স বিটিচিক হস্তান্তৰ - Airport authority of india donates ambulance

কোকৰাঝাৰত বিটিচি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত মুকলি অত্যাধুনিক এম্বুলেঞ্চ সেৱা ৷ দুখনকৈ অত্যাধুনিক এম্বুলেঞ্চ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মুকলি কৰা হয় ৷

Airport authority of india donates ambulance at kokrajhar
ভাৰতীয় বিমান প্ৰাধিকৰণৰ উদ্যোগত দুখন অত্যাধুনিক অম্বুলেন্স বিটিচিক হস্তান্তৰ
author img

By

Published : Feb 12, 2020, 2:30 PM IST

কোকৰাঝাৰ , 12 ফেব্ৰুৱাৰী : কোকৰাঝাৰত বিটিচি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে দুখন অত্যাধুনিক অম্বুলেন্স বিটিচিক হস্তান্তৰ কৰে ৷ ভাৰতীয় বিমান প্ৰাধিকৰণৰ ৰূপচি বিমানবন্দৰৰ চি এছ আৰৰ( 2018-19) জনকল্যানমূলক কাৰ্যসূচীৰ উদ্যোগত বিটিচি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত বুধবাৰে দুখনকৈ অত্যাধুনিক অম্বুলেঞ্চ মুকলি কৰা হয় ৷ আনুষ্ঠানিক প্ৰক্ৰিয়াৰে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মুকলি কৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে । কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত 945 কোটি টকাৰ টুমাৰ কেন্দ্ৰ খুলিব বুলিও মন্তব্য কৰে সঞ্জীৱ জিন্দালে ৷ ভাৰতীয় বিমান প্ৰধিকৰণৰ উপ মুখ্য সঞ্চালক এম এছ ৰাউৎ, সহকাৰী মুখ্য সঞ্চালক নৰেন্দ্ৰ পানবৌৰ, জিএম জে মায়াদেৱী নায়াৰ, বিটিচি সচিব ৰবিঞ্চন মোছাহাৰী, স্বাস্থ্য বিভাগৰ সচিব দীনেশ বড়ো, কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পি পি মজুমদাৰ অনুষ্ঠানত উপস্থিত থাকে ৷

ভাৰতীয় বিমান প্ৰাধিকৰণৰ উদ্যোগত দুখন অত্যাধুনিক অম্বুলেন্স বিটিচিক হস্তান্তৰ

আৰু পঢ়ক : কৰিমগঞ্জত শন্ত ৰবিদাস জী'ৰ 643 সংখ্যক জন্মজয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.