ETV Bharat / state

ABSU PROTEST: বড়োলেণ্ড বিঃবিঃৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদ - বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷ উপচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ চেম্বাৰত তলা উলমালে এবছুৱে ৷ এসপ্তাহৰ ভিতৰত লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ ৷

ABSU PROTEST
ABSU PROTEST
author img

By

Published : Jul 20, 2023, 5:46 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবী

কোকৰাঝাৰ ২০ জুলাই: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মুখ্য দ্বাৰৰ সন্মুখত বৃহস্পতিবাৰে এবছুৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷

প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত এবছুৰ কেন্দ্ৰীয় উপসভাপতি খৰমদাও ওৱাৰী, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, বড়ো সাহিত্য সভাৰ জিলা সভাপতি বিজুৱেল বসুমতাৰীসহ এবছুৰ কেইবাগৰাকীও শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ৷ ধৰ্ণা কাৰ্যসূচীত অংশ লোৱা এবছুৰ কৰ্মকৰ্তাই দুৰ্নীতিত লিপ্ত লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ কৰাৰ দাবীৰে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাক কৰি তোলে ৷

ইফালে এবছুৰ উপ-সভাপতি খৰমদাও ওৱাৰী আৰু সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে দুৰ্নীতিত লিপ্ত লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ কৰি নতুন উপচাৰ্য নিয়োগ কৰাৰ দাবী জনায় ৷ এসপ্তাহৰ ভিতৰত লাইশ্ৰম লাড্ডু সিঙক অপসাৰণ নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ ৷

উল্লেখ্য যে, উপাচাৰ্য সিঙৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বিত্তীয় অনিয়মৰ লগতে নিযুক্তিৰ ক্ষেত্ৰতো অনিয়মৰ অভিযোগ আছে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগত ২০২২ চনৰ ৩ আগষ্টতে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই নিৰ্মাণকাৰ্য আৰু নিযুক্তি সম্পৰ্কীয় নখনকৈ গুৰুত্বপূৰ্ণ ফাইল জব্দ লগত লৈ যায় ৷

ইয়াৰ পিচৰ পৰ্যায়ত উপাচাৰ্য লাড্ডু সিঙক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয় ৷ কিন্তু চতুৰ উপাচাৰ্য সিঙে উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লৈ কাম-চলাই থাকে ৷ গ্ৰেপ্তাৰ আৰু জানমি লোৱাৰ বিষয়টো উপচাৰ্যগৰাকীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্যান্য কৰ্তৃপক্ষৰ পৰা গোপনে ৰাখি বিভাগীয় কাম কাজ চলাই আহিছিল ৷

সেয়েহে এবছুয়ে একসপ্তাহৰ ভিতৰত দুৰ্নীতিৰ সৈতে নাম সাঙুৰ খাই পৰা উপাচাৰ্য সিঙক বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ স্থানত আন এগৰাকী সৎ ব্যক্তিৰ নিযুক্তি দিবলৈ আচাৰ্য তথা ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ৷

অন্যথা এবছুৱে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে ৷ ইফালে ধৰ্ণা কাৰ্যসূচীৰ অন্তত এবছুৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ চেম্বাৰত তলা উলমাই দিয়ে ৷

লগতে পঢ়ক: ABSU protest against BU VC:বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ দাবী এবছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.