ETV Bharat / state

No English signboards: এবছুৰ উদ্যোগত ইংৰাজী নাম ফলক হাতাও অভিযান - Campaign to erase English signboards

কোকৰাঝাৰত চৰকাৰী - বেচৰকাৰী নাম ফলকত বড়ো ভাষাক এলাগী ৷ ক্ষুব্ধ নিখিল বড়ো ছাত্ৰ সন্থা ৷ কোকৰাঝাৰত ইংৰাজী ভাষাত লিখা তথা বড়ো ভাষা ব্যৱহাৰ নকৰা চৰকাৰী - বেচৰকাৰী নাম ফলক মচি পেলালে এবছুয়ে (Campaign to erase English signboards) ৷

ABSU protest in Kokrajhar
নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰতিবাদ
author img

By

Published : Mar 21, 2023, 7:35 PM IST

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ

কোকৰাঝাৰ, 21 মাৰ্চ : বিটিআৰ সদৰ কোকৰাঝাৰত চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰৰ নাম ফলকত বড়ো ভাষাক এলাগী কৰা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ কাৰ্যালয়ৰ লগতে বাট পথত থকা চৰকাৰী-বেচাকাৰী ফলকত বিশেষকৈ বড়ো আৰু অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল ইংৰাজী ভাষাক প্ৰাধান্য দিয়া কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এবছুৱে (Campaign to erase English name plates) ৷

মাতৃভাষা বিশেষকৈ বড়ো, অসমীয়া ভাষাক এলাগী কৰি ইংৰাজী ভাষাক বৰপীৰা পাৰি দি মাতৃভাষাৰ শ্ৰাদ্ধ পতা কাৰ্যৰ প্ৰতিবাদ জনাই নিখিল বড়ো ছাত্ৰ সন্থা এবছুই গ্ৰহণ কৰিছে এক অভিনৱ প্ৰতিবাদী পন্থা ৷ যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ সংগঠনটোৱে সোমবাৰে কোকৰাঝাৰ চহৰত ইংৰাজীৰ নাম ফলক মুচি পেলোৱা অভিযান আৰম্ভ কৰে ৷ বিটিআৰ সদৰ কোকৰাঝাৰ চহৰৰ বিভিন্ন স্থানত সোমবাৰে কোকৰাঝাৰ জিলা এবছুৱে ইংৰাজী ভাষাত লিখা তথা বড়ো ভাষা ব্যৱহাৰ নকৰা নাম ফলক এফালৰ মুচি পেলোৱা অভিযান আৰম্ভ কৰে (All Bodo Students Union) ৷

কোকৰাঝাৰ জিলা এবছুৰ সাধাৰণ সম্পাদক খাম্ফা বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দৰ্ভত সদৰি কৰে যে পথ, কাৰ্যালয়সমূহৰ নাম-ফলকৰ লগতে সাংকেতিক চিহ্ন দিছে সেয়া ভাল কথা ৷ কিন্তু বড়ো, অসমীয়াক একাষৰীয়া কৰি একমাত্ৰ ইংৰাজী ভাষাক প্ৰাধান্য দিয়াটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ প্ৰথমে বড়ো আৰু অসমীয়া ভাষা, তাৰ পিচতহে ইংৰাজী ভাষা বুলি স্পষ্ট কৰি দিয়ে এবছু নেতাগৰাকীয়ে ৷

লগতে পঢ়ক : Delhi Excise Policy : আজি গ্ৰহণ কৰা হ’ব মনীষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি

অহা ১৫ এপ্ৰিলৰ ভিতৰত বিটিআৰৰ প্ৰতিটো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু দোকান-পোহাৰৰ লগতে পথসমূহৰ নাম বড়ো আৰু অসমীয়াত লিখিব লাগিব বুলি উল্লেখ কৰাৰ লগতে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে কোকৰাঝাৰ উন্নয়ন প্ৰাধিকৰণক আহ্বান জনোৱা হৈছে বুলি উল্লেখ কৰা হৈছে ৷ কিন্তু প্ৰাধিকাৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সংগঠনটোৱে উল্লেখ কৰে ৷ ১৫ এপ্ৰিলৰ ভিতৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও ছাত্ৰ নেতা গৰাকীয়ে সকীয়াই দিয়ে (Campaign to erase English signboards) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.