ETV Bharat / state

ABSU protest against BU VC:বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ দাবী এবছুৰ

author img

By

Published : Jul 19, 2023, 5:41 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবী জনাইছে এবছুই ৷ ইয়াৰে প্ৰতিবাদত বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত এবছুৰ ধৰ্ণা ৷

Protest in Bodoland University
বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰতিবাদ
বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰতিবাদ

কোকৰাঝাৰ, ১৯ জুলাই : বিটিএডিৰ সদৰ কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙৰ বিৰুদ্ধে সৰৱ হৈছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু । উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ লগতে বিভিন্ন ধৰণৰ খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই লাইশ্ৰাম লাডু সিঙক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদৰ পৰা অতি শীঘ্ৰে অপসাৰণৰ দাবী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ উপাচাৰ্যগৰাকীক অপসাৰণৰ দাবীত এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ কৰ্মকৰ্তাসকলে বুধবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । এগৰাকী নতুন উপাচাৰ্যৰ নেতৃত্বতহে বড়োলেণ্ড বিশ্ববিদ্যালয় সুৰক্ষিত হ'ব বুলি দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ ।

লগতে পঢ়ক:Poor Condition of NH 37: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় পথৰ দুৰৱস্থা; মেৰামতিৰ নামত ভেকোভাওনা বিভাগৰ

এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ কৰ্মকৰ্তাসকলে "লাইশ্ৰাম লাড্ডু সিং গ’বেক , উই ৱান্ট জাষ্টিছ "আদি বিভিন্ন শ্ল'গান দি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে । উল্লেখ্য যে, ইতিপূৰ্বে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বিত্তীয় অনিয়মৰ লগতে বিভিন্ন ধৰণৰ খেলিমেলি সংঘটিত কৰাৰ অভিযোগত ২০২২ ৰ ৩০ মে'ত এটা গোচৰ পঞ্জীয়ন কৰিছিল ৷ উক্ত গোচৰৰ ভিত্তিত উপাচাৰ্য সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত ০১/২০২২ ইউ/এছ১২০বি/৪২০/৪০৯ আইপিচি আৰ/ডব্লিউ ছেকছন ১৩(এ)/১৩(২) ধাৰাত গোচৰ ৰুজু কৰা হৈছে । ইয়াৰ পাচতে উপাচাৰ্যগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লৈ গ্ৰেপ্তাৰৰ পৰা হাত সাৰি আছে ।

ইপিনে ,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত থকা বুলি অভিযোগ কৰি এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ শিক্ষা সম্পাদক বিনয় বসুমতাৰীয়ে আতি শীঘ্ৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাডু সিঙক অপসাৰণ কৰি নতুন এগৰাকী উপচাৰ্য নিয়োগ কৰাৰ দাবী জনায় । উপাচাৰ্য ড৹ লাইশ্ৰাম লাডু সিঙক অপসাৰণ নকৰিলে পৰৱৰ্তী সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয় ।

লগতে পঢ়ক:Assam boy to travel to amarnath riding a bicycle:চাইকেলেৰে পৱিত্ৰধাম অমৰনাথলৈ যাত্ৰা হোজাইৰ ৰাজদীপ ভৌমিকৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.